জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ অসম আৰক্ষীৰ দল

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ অসম আৰক্ষীৰ দল

ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব চি আই ডিৰ মুৰব্বী তথা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দল। SITৰ মুৰব্বী মুন্না প্রসাদ গুপ্তাৰ নেতৃত্বত ২০ অক্টোবৰত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল আৰু ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত মিলিত হ’ব। বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰ আৰু ছিংগাপুৰ উচ্চায়ুক্তৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ বৈঠকৰ পাছত ছিংগাপুৰ চৰকাৰে SITক ছিংগাপুৰ যোৱাৰ অনুমতি দিয়ে। আজি সামাজিক মাধ্যম X হেণ্ডেলযোগে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখিছে, “আমাৰ প্ৰিয় জুবিন গাৰ্গৰ ন্যায়ৰ দিশে আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হৈছোঁ ৷ অহা ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষী কৰ্তৃপক্ষই অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান আৰু বিশেষ তদন্তকাৰী গোটৰ (SIT) মুৰব্বী বিষয়া শ্ৰীমুন্না গুপ্তাৰ নেতৃত্বত অসমৰ আৰক্ষী দলৰ সৈতে সাক্ষাতত মিলিত হ’ব। আমাৰ ঐক্যবদ্ধ সংকল্প — জুবিনৰ ন্যায়ে নিশ্চয়েই মৰ্যাদা পাব।”