জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন হ’ব ন্যায়িক আয়োগ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্ত ঘোষণা কৰিছে। ফেচবুক লাইভযোগে মুখ্যমন্ত্রী ড° শর্মাই এই কথা ঘোষণা কৰি কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ ন্যায়াধীশ সৌমিত্র শইকীয়াক লৈ ন্যায়িক আয়োগখন গঠন কৰা হ’ব। প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্তৰ বাবে এখন ন্যায়িক আয়োগ গঠনৰ বাবে চৰকাৰৰ তৰফৰ পৰা অনুৰোধ কৰা হৈছিল বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়। গঠন হ’বলগীয়া ন্যায়িক আয়োগত অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ পৰিৱৰ্তে বর্তমান কাৰ্যনিৰ্বাহ কৰি থকা এজন ন্যায়াধীশক নিযুক্তি দিব লাগে। ৰাজ্য চৰকাৰৰ এনে অনুৰোধৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শইকীয়াক আয়োগখনৰ অধ্যক্ষ কৰাৰ বাবে অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড° শর্মাই এই সন্দৰ্ভত কয়- ন্যায়িক আয়োগ সন্দৰ্ভত যিসকলে নজৰ দি আহিছে, সেইসকলে এই বিষয়টো লক্ষ্য কৰিব যে ন্যায়াধীশ আয়োগৰ অধ্যক্ষগৰাকী সাধাৰণতে অৱসৰপ্ৰাপ্ত হয়। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা ন্যায়াধীশ সৌমিত্র শইকীয়াক দায়িত্ব দিয়াটো গুৰুত্বপূৰ্ণ। মুখ্যমন্ত্ৰীয়ে ইয়াকো স্পষ্ট কৰে যে জুবিন গাৰ্গৰ মৃত্যুক লৈ যিসকলে ফেচবুক, ইউটিউব, টুইটাৰ আদিত জুবিনৰ হত্যা সন্দৰ্ভত বিভিন্ন তথ্য দাঙি ধৰি আহিছে, তেওঁলোকৰ দায়িত্ব হ’ব ন্যায়িক আয়োগৰ সন্মুখলৈ গৈ শপতনামা দাখিল কৰক। সামাজিক মাধ্যমত বিভিন্ন তথ্য দাঙি ধৰি জুবিনৰ অনুৰাগী হোৱা আৰু ন্যায়িক আয়োগৰ ওচৰলৈ গৈ সহযোগিতা কৰাসকলৰ প্ৰতি চৰকাৰে বিশেষ নজৰ দিব। সামাজিক মাধ্যমত তথ্য দাঙি ধৰাসকলে এতিয়া নিজৰ দায়িত্ব পালন কৰিব নে নাই, সেয়াও লক্ষণীয় হ’ব।