জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ১০ জনীয়া এছআইটি গঠন

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ১০ জনীয়া এছআইটি গঠন

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্রক্রিয়া আৰম্ভ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। ছিংগাপুৰত সংঘটিত জুবিন গাৰ্গৰ দুর্ভাগ্যজনক মৃত্যুৰ ঘটনাৰ আঁৰত কোন জড়িত হৈ আছে তাক লৈ যোৱা সময়ছোৱাত ৰাজ্যজুৰি সৃষ্টি হোৱা বিতর্ক-প্রতিক্রিয়াৰ মাজতে মুখ্যমন্ত্রী ড° শৰ্মাই ইয়াৰ তদন্তৰ বাবে এছআইটি গঠনৰ বাবে নির্দেশ দিছে আৰক্ষী সঞ্চালকপ্রধান হৰমিট সিঙক। উল্লেখ্য যে জনতা ভৱনত চিআইডিৰ সৈতে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্রী ড° শর্মাই । আৰক্ষী সঞ্চালক প্রধান হৰমিট সিং উপস্থিত থকা বৈঠকত মুখ্যমন্ত্রীয়ে শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে এক বিশেষ তদন্তকাৰী দল (এছআইটি) গঠনৰ বাবে সঞ্চালকগৰাকীক নির্দেশ দিয়ে। মুখ্যমন্ত্রী ড° শৰ্মাৰ স্পষ্ট ঘোষণা- জুবিন গাৰ্গৰ অকাল মৃত্যু সন্দৰ্ভত কাকো ৰেহাই দিয়া নহ’ব। তদন্তত কাকো দিয়া নহয় ৰেহাই। এই সন্দর্ভত এক্স হেন্ডেলত তেওঁ উল্লেখ কৰিছে- আৰক্ষী সঞ্চালকপ্ৰধানৰ লগতে চিআইডিৰ এডিজিপি, মুখ্য সচিবকে ধৰি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত হয়। অসম আৰক্ষীৰ শ্ৰেষ্ঠ বিষয়াক লৈ এটা বিশেষ তদন্তকাৰী দল গঠন কৰিবলৈ ডিজিপিক নির্দেশ দিয়া হৈছে। ভিতৰৰ নমুনাৰ বিশদ পৰীক্ষাৰ বাবে দিল্লীৰ কেন্দ্ৰীয় ফৰেনছিক লেবৰেটৰী (চিএফএল) লৈ প্ৰেৰণ কৰা হ’ব। সম্পূর্ণ পেছাদাৰী সততাৰে গোচৰটোৰ তদন্তত সম্পূৰ্ণ স্বাধীনতা থাকিব এছআইটিৰ। মন কৰিবলগীয়া যে ভাগৰুৱা শৰীৰ লৈ ছিংগাপুৰলৈ যোৱা জুবিন গাৰ্গক তেওঁৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাকে ধৰি ছিংগাপুৰস্থিত আছাম এছ’চিয়েচনৰ কেইবাজনো কার্যকর্তাই বাৰ্থডে পার্টী এটাৰ বাবে সমুদ্ৰৰ মাজলৈ নি সাঁতুৰিবলৈ উচটনি দিছিল। অসুস্থ হৈ থকা জুবিনক এনেদৰে পানীত সাঁতুৰিবলৈ দি মৃত্যুমুখলৈ ঠেলি দিয়া বুলি যোৱা সময়ছোৱাত বিভিন্নজনে উত্থাপন কৰা অভিযোগ তথা ছিংগাপুৰত জুবিনৰ সৈতে যোৱা সতীৰ্থৰ ভাষ্যৰ ওপৰত ভিত্তি কৰিয়েই মুখ্যমন্ত্রী ড° শর্মাই তদন্ত কৰাৰ বাবে চিআইডিক দায়িত্ব অর্পণ কৰিছিল। লক্ষণীয়ভাৱে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজ্যৰ বিভিন্ন প্রান্তত নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধার্থ শৰ্মা, বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী আৰু সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে দাখিল হৈছে কেইবাটাও অভিযোগ। এই সমগ্র অভিযোগক সামৰি চিআইডিক ইয়াৰ তদন্তৰ দায়িত্ব দিছিল মুখ্যমন্ত্ৰীয়ে। এই অনুসৰিয়ে চিআইডিয়ে অপৰাধ শাখাত ৰুজু হোৱা ১৮/২০২৫ নম্বৰৰ গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে। ইয়াৰ বাবে চিআইডিয়ে গঠন কৰিছে এটা চাৰিজনীয়া দল। দলটোত আছে এজন অতিৰিক্ত আৰক্ষী অধীক্ষক, এজন ডিএছপি আৰু দুজন পৰিদৰ্শক। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে চিআইডিৰ দল দিল্লীলৈ যাবলৈ চলাইছে প্রস্তুতি। অতিৰিক্ত আৰক্ষী অধীক্ষক মৰৰ্মী দাসৰ নেতৃত্বত দিল্লীলৈ যাবলগীয়া দলটোৱে জুবিনৰ ভিছেৰা দিল্লীৰ কেন্দ্ৰীয় ফৰেনছিক লেবৰেটৰীত পৰীক্ষা কৰিব। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত অনুষ্ঠিত বৈঠকৰ পাছতে চিআইডিয়ে গঠন কৰিব লগা এছআইটিয়ে আৰম্ভ কৰিব তদন্ত প্রক্রিয়া। লক্ষণীয়ভাবে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে মেনেজাৰ সিদ্ধার্থ শর্মা সন্দর্ভত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে, সিদ্ধার্থ শৰ্মা ক’ত আছে সেই বিষয়ে তেওঁ অৱগত নহয়। তদুপৰি গৰিমা গাৰ্গৰ সৈতে এতিয়ালৈ সিদ্ধার্থ শৰ্মাই কোনোধৰণৰ যোগাযোগ কৰা নাই। আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰা অসম আৰক্ষীয়ে বিশেষ তদন্তকাৰী গোট (এছআইটি) গঠন কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি গঠন হোৱা এই এছআইটিৰ নেতৃত্ব প্রদান কৰিব বিশেষ আৰক্ষী সঞ্চালকপ্রধান মুন্না প্রসাদ গুপ্তাই। আনহাতে, এছআইটিৰ চীফ ইনভেস্টিগেটিং অফিচাৰ হিচাপে থাকিব চিএম ভিজিলেঞ্চৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতা। দলটোত থাকিব অতিৰিক্ত আৰক্ষী অধীক্ষক মৰমী দাস, লৱ ডেকা, চিডিএছপি তৰুণ গগৈ, উপ-আৰক্ষী অধীক্ষক পৰিমিতা সৰকাৰ, পৰিদৰ্শক ধ্ৰুৱজ্যোতি বৰা, মুক্তাজুৰ ৰহমান, কৃষাণু পাঠক আৰু গিৰীন্দ্ৰ কেওট।