জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট পঢ়ি পত্নী গৰিমা গাৰ্গৰ সামাজিক মাধ্যমত দীঘলীয়া পোষ্ট

জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট পঢ়ি পত্নী গৰিমা গাৰ্গৰ সামাজিক মাধ্যমত দীঘলীয়া পোষ্ট

ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গবিহীনভাৱে অসমবাসীয়ে পাৰ কৰিলে তিনি মাহ ৷ ১৯ ছেপ্তেম্বৰত অসমবাসীয়ে হেৰুৱাইছিল হিয়াৰ আমঠু জুবিন গাৰ্গক। কিন্তু আজি পৰ্যন্ত পোহৰলৈ অহা নাই জুবিনৰ মৃত্যুৰ প্ৰকৃত ৰহস্য।প্ৰাণৰ শিল্পী, সংগীতপ্রাণ জুবিন গাৰ্গৰ ছিংগাপুৰত হোৱা ৰহস্যজনক মৃত্যুৰ তদন্ত কৰি শীৰ্ষ আৰক্ষী বিষয়া মুন্নাপ্রসাদ গুপ্তাৰ নেতৃত্বত গঠিত এছআইটিয়ে কামৰূপ (মহানগৰ) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰে গোচৰৰ অভিযোগনামা। এই অভিযোগনামাৰ পাতে পাতে তদন্তকাৰী দলে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বাবে মেনেজাৰ সিদ্ধার্থ শর্মা, শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত আৰু সন্দীপন গাৰ্গৰ ভূমিকাক জগৰীয়া কৰিছে। আদালতত গোচৰৰ অভিযোগনামা দাখিলৰ পিছত ইয়াত সন্নিৱিষ্ট বিষয়ক লৈ ৰাজ্যৰ বিভিন্ন ব্যক্তি-সংগঠন-দলৰ নেতৃবৰ্গৰ মাজত অব্যাহত আছে নিশ্রিত ক্রিয়া-প্রতিক্রিয়া। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ ৰহস্যজনক মৃত্যুক ‘হত্যা’ বুলি আখ্যা দি এই ঘটনাৰ লগত জড়িত সকলোকে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্রদান কৰা হ’ব বুলি ঘোষণা কৰি সমগ্র ঘটনা ফাষ্টট্রেক আদালতৰ জৰিয়তে তদন্ত কৰা হ’ব বুলি ঘোষণা কৰিছিল। ইতিমধ্যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই তিনি মাহ অতিক্ৰম কৰিছে। তদন্তকাৰী এছআইটিয়ে আদালতত অভিযোগনামা দাখিল কৰিলেও সমগ্ৰ অসমৰ জুবিনপ্রেমী ৰাইজে এতিয়াও আশা কৰি আছে- জুবিন গার্গে ন্যায় পাব। জুবিন গার্গে ন্যায় পাব বুলি আশা কৰি আছে জুবিনপত্নী গৰিমা গাৰ্গ, ভগ্নী পামী বৰঠাকুৰকে ধৰি অজস্ৰজনে। জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি সামাজিক মাধ্যমযোগে জাষ্টিচ ফৰ জুবিন গাৰ্গ হেজটেগ কৰি নিজৰ প্ৰতিক্রিয়া প্রকাশ কৰি আছে ভগ্নী পামী বৰঠাকুৰেও। ইয়াৰ মাজতে সামাজিক মাধ্যমযোগে স্বামী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এছআইটিয়ে দাখিল কৰা অভিযোগনামাৰ আধাৰত পত্নী গৰিমা গাৰ্গে ৰাজহুৱা কৰিছে এক বিশেষ প্রতিক্রিয়া। সংশ্লিষ্ট বিভাগক আবেদন জনাই লাভ কৰা অভিযোগনামা পঢ়ি গৰিমা গাৰ্গে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্রিয়া। গভীৰ দুখবোৰ, মানসিক আঘাতেৰে ইতিমধ্যে জৰ্জৰিত হৈ থকা গৰিমা গার্গে সামাজিক মাধ্যমযোগে প্রকাশ কৰা এই বক্তব্যৰ জৰিয়তে আপোন বুলি ভবা মেনেজাৰ সিদ্ধার্থ শর্মাসহ আন সহযোগীসকলে দীর্ঘদিনৰ পৰা জুবিন গাৰ্গক নিঃশেষ কৰাৰ ক্ষেত্ৰত কু-অভিসন্ধি ৰচনা কৰি অহাটো স্পষ্ট হৈ আছে বুলি প্রকাশ কৰিছে। সামাজিক মাধ্যমযোগে গৰিমা গাৰ্গে দিয়া পোষ্টটো আছিল এনেধৰণৰ, জুবিন নাই বুলি আজিও আমি মানি ল’ব পৰা নাই- কিন্তু এনেকুৱা এটা অকল্পনীয় আৰু দুর্ভাগ্যজনক ঘটনা ঘটি গ’ল যাৰ পৰিণতিত কেৱল আমাৰ ঘৰখনেই থানবান হৈ দুর্ভাগ্যৰ এটা দিনতে ৰৈ যোৱা নাই, গোটেই অসমখনৰেই আত্মা যেন স্থবিৰ হৈ ৰৈ গ’ল এটা প্রচণ্ড আঘাতত। তাতকৈও প্রচণ্ড আঘাতটো হৈছে জুবিন গাৰ্গৰ স’তে জড়িত হৈ পৰিল বুকু ফাটি যোৱা অসহনীয় এক শব্দ ‘হত্যা’! এক দীঘলীয়া তদন্ত প্রক্রিয়া চলিল আৰু অৱশেষত সকলোৰে প্রতীক্ষিত চার্জশ্বীট দাখিল হ’ল যোৱা ১২ ডিচেম্বৰত। বৃহৎ এক চার্জশ্বীট ৰাজ্যত ৰেকৰ্ড হ’ল। এই চার্জশ্বীটক লৈ বহু আলোচনা চলি আছে- বহু মন্তব্য সপক্ষে-বিপক্ষে। আমি পৰিয়ালৰ লোকেও আবেদন কৰি পঢ়িব বিচাৰিছিলোঁ আৰু কেইবাদিনৰ অপেক্ষাৰ অন্তত এটা কপী আমি পাইছিলোঁ। অসুস্থতাৰ মাজতে পঢ়িবলৈ চেষ্টা কৰিছোঁ। অসহনীয় কথাবোৰ বাৰে বাৰে সহ্য কৰি পঢ়িবলৈ আপ্রাণ চেষ্টা কৰিছোঁ। আইনৰ বিষয়ত সপক্ষে বা বিপক্ষে মন্তব্য দিয়াৰ জ্ঞান আমাৰ একেবাৰে সীমিত। তথাপি এই মুহূর্তত মনলৈ অহা দুটামান কথা ক’ব বিচাৰিছোঁ। অনুগ্ৰহ কৰি কথাবোৰৰ নিগেটিভ সমালোচনা নকৰি পাৰিলে সঠিক দিশত আলোচনা হওক!

১) চার্জশীট পঢ়ি আমি জানিব পাৰিছোঁ যে ছিংগাপুৰত জুবিনৰ থকাৰ ব্যৱস্থাক লৈ কেইবাদিন আগৰে পৰা খেলিমেলি আৰু কিবা অভিসন্ধি চলি আছিল। শ্যামকানু মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা এছএছডি(SSD)ত  ৰুমবুকিঙৰ যি লিষ্ট পোৱা হৈছে, তাত উল্লেখ আছে যে প্রথমে জুবিনৰ থকাৰ ব্যৱস্থা কৰা হৈছিল জনৈক অনুজ বৰুৱাৰ সৈতে এটা কোঠাত। পিছত ছিংগাপুৰ পোৱাৰ পিছত শ্যামকানু মহন্তই সিদ্ধার্থ শৰ্মাৰ সৈতে মিলি বেলেগ ব্যৱস্থা কৰে। উল্লেখ আছে, প্রথমে কেৱল জুবিনৰ বাবেহে হোটেল পেন পেচিফিকত শ্যামকানু মহন্তৰ ৰুমৰ কাষতে আন এটা ৰুমত জুবিনৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু পিছত আকৌ তিনিটা ৰুম বুক কৰি টীমৰ সকলোৰে থকাৰ ব্যৱস্থা কৰা হয়। আনহাতে সিদ্ধাৰ্থৰ ষ্টেটমেন্টত কৈছে যে প্রথমে জুবিনৰ টীমৰ বাবে ঠিক কৰা হৈছিল হোটেল দ্য ভিলেজ(The Village)ত, কিন্তু ছিংগাপুৰ গৈ পোৱাৰ পিছত শ্যামকানু মহন্তই তাক ফোনতে থকাৰ ব্যৱস্থা হোটেল পেন পেচিফিকতহে কৰা হৈছে বুলি জনায়। যিজন ব্যক্তিক এটা ইমান ডাঙৰ ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিমন্ত্ৰণ কৰিছিল আৰু যিজন ব্যক্তি যাব নোৱাৰিলে শ্যামকানু মহন্তই আত্মহত্যা কৰিব বুলিও ভাবুকি দিছিল, (কেইবাজনৰো সাক্ষ্য-প্রমাণ অনুসৰি) সেইজন ব্যক্তিৰ থকাৰ ব্যৱস্থাক লৈ সিদ্ধান্তৰ ইমান খেলিমেলি কিয়? আৰু জুবিন গাৰ্গৰ ৰুম কোনোবা অনুজ বৰুৱাৰ সৈতে? কিয়? এইক্ষেত্ৰত মেনেজাৰ হিচাপে সিদ্ধার্থ আৰু আয়োজক হিচাপে শ্যামকানু মহন্তৰ মূল দায়িত্ব আছিল জুবিনৰ বাবে সন্মানসহকাৰে থকাৰ ব্যৱস্থা কৰাৰ। এই সকলোবোৰ অসমৰ পৰা ওলোৱাৰ আগতেই সিদ্ধান্ত হ’ব লাগিছিল।

২) জুবিন গার্গে অসমতেই হওক, দেশৰ আন কোনো ঠাইতেই হওক অথবা বিদেশতো কেতিয়াও হোটেলৰ ৰুম বা হোটেলৰ ৰেজিষ্টাৰ কাৰ নামত কেনেকৈ বুক কৰা হৈছে কেতিয়াও চেক নকৰে। সদায় তেওঁৰ মেনেজাৰ অথবা আয়োজকেই চেক ইনৰ কামবোৰ কৰে। গতিকে হোটেলৰ ৰুম কাৰ নামত বুক কৰা হৈছিল বা ৰেজিষ্টাৰত কাৰ নাম আছিল সেই বিষয়ে নিঃসন্দেহে জুবিনে জনা নাছিল। এই কথাবোৰত নিশ্চয় কু-অভিসন্ধিয়ে আছিল। হোটেলৰ এটা ৰুমৰ বুকিঙক লৈ ইমান ঘটনা! ইমানবোৰ খেলিমেলি! ইয়াৰ অন্তৰালত যে বেয়া কিবা মনোভাব আছিল, কিবা অভিসন্ধি আছিল সেই কথাবোৰ স্পষ্ট হৈ আছে। সেই অভিসন্ধিমূলক কথাবোৰ আদালতৰ মজিয়াত নিকপকপীয়াকৈ প্রমাণসহ প্রতিষ্ঠা হওক।

৩) শ্যামকানু মহন্তৰ ভাষ্য মতে, জুবিনক মতা নাছিল, জুবিন নিজেই গৈছিল। অথচ, বহু আগৰে পৰাই জুবিনৰ ফটোৰে পোষ্টাৰ বনাই প্ৰচাৰ কৰি আছিল। আৰু সেই কথাই জুবিনক নেৰানেপেৰাকৈ কৈছিল যে ‘ইতিমধ্যে প্ৰচাৰ কৰা হ’লেই, এতিয়া নগ’লে বহুত ডাঙৰ কথা হ’ব’। এজন শিল্পীক আমন্ত্রণ জনালে যি লিখিত এগ্রিমেন্ট হ’ব লাগে, তেনে কোনো এগ্রিমেন্ট আমি এতিয়া জানিবলৈ পোৱা মতে এই ফেষ্টিভেলৰ বাবে কৰা হোৱা নাছিল। মেনেজাৰ হিচাপে সিদ্ধার্থ আৰু আয়োজক হিচাপে শ্যামকানু মহন্তৰ সম্পূৰ্ণ দায়িত্ব আছিল জুবিনৰ সুৰক্ষাৰ আৰু সিদ্ধার্থই বিশেষভাৱে নিশ্চিত কৰিব লাগিছিল মেডিকেল কেয়াৰৰ। জুবিন গাৰ্গ যিকোনো এজন সাধাৰণ ব্যক্তি নহয়… তেওঁৰ বাবে যি ব্যৱস্থা হ’ব লাগিছিল, একোৱেই কৰা নহ’ল আয়োজকৰ তৰফৰ পৰা। এইক্ষেত্ৰত সিদ্ধাৰ্থৰ একোৱেই মাত নাছিল কিয়? শ্যামকানু মহন্তৰ লগত এনে কি বেলেগ বুজাবুজি আছে যে সামান্যতম ছেফটি আৰু ছিকিউৰিটীৰ কথাও নপতাকৈ জুবিনক লৈ যোৱা হ’ল… কিয়? মাননি কি নির্ধাৰণ কৰা হৈছিল অথবা সা-সুবিধাৰ কি কথা হৈছিল সেয়া কেৱল সিদ্ধার্থ আৰু শ্যামকানু মহন্তইহে জানিছিল।

৪) আৰু এটা কথা চার্জশ্বীট পঢ়িহে আমি জানিবলৈ পালোঁ জুবিন গাৰ্গৰ ৱান লাষ্ট ট্যুৰ বুলি কিবা ১০খন চিটীৰ ট্যুৰ এটা সিদ্ধার্থই প্লেন কৰিছিল, য’ত জুবিনে লাইভ শ্ব’ৰ পৰা অৱসৰ ল’ব বুলি ঘোষণা হ’ব। এই কথাবোৰ আমি কেতিয়াও শুনা নাছিলোঁ, নাজানিছিলোঁ। আনকি তেওঁৰ বেণ্ড, পৰিয়ালৰ লোক বা বন্ধু কোনেও নাজানে। জুবিনে অৱসৰ এতিয়াই ল’ব কিয়… আমি নালাগে তেওঁ নিজেও তেনেকুৱা কথা কেতিয়াও ভবা নাছিল। মই গোটেই জীৱন তেওঁৰ নতুন নতুন কামৰ পৰিকল্পনা আৰু সপোনহে দেখিছোঁ। চার্জশ্বীট পঢ়ি জানিব পাৰিছোঁ, সিদ্ধার্থই বহু কমিটীৰ পৰা এই বছৰ ‘জুবিনদাই এই বাৰ শেষবাৰৰ বাবে অনুষ্ঠান কৰিব’ বুলি কৈ মাননিও বঢ়াই লৈছিল। যি মাননিৰ পৰিমাণ সম্পূৰ্ণ ৰূপে ৰেকৰ্ডত লিখা নাছিল। এনে ক্ষেত্রত প্রশ্ন উঠে শ্যামকানু মহন্তৰ স’তে লিখিত চুক্তি নোহোৱাৰ কাৰণ কি?

৫) ৭৫ মিনিটলৈকে চিকিৎসা অবিহনে অনাদৰে তেওঁক পেলাই থোৱা হৈছিল আৰু চার্জশ্বীটত উল্লেখ আছে যে ওচৰতে ছেন্ট জন্‌ছ আৰু Lazarus islandৰ বাবে এইডি আৰু মেডিকেল এছিছটেঞ্চ আছিল, এটা সংযোগী বাটো আছিল অথচ ইমান দেৰিলৈকে কিয় ৰৈ থকা হ’ল? ছিংগাপুৰৰ আৱাসীকেইজনে সেই কথা নাজানিছিল নেকি? য়াটত থকা কোনোৱেই কিয় নাভাবিলে যে য’ত ছেফটি ব’ৰ্ড এখন আঁৰি লিখি থোৱা আছিল ‘swimming at your own risk- no divers available বুলি। যিকোনো আয়োজনৰ বাবে ছেফটি মে’জাৰৰ কথা চিন্তা কৰাটো মুখ্য! আমি হেৰুৱাইছোঁ, গোটেই অসমে হেৰুৱাইছে এক সত্তা আৰু তেওঁলোক এতিয়াও ইমান নীৰৱ! য়াটখনতো ছেফটি বা মেডিকেল এছিছটেঞ্চৰ বাবে একোৱেই নাছিল! এটা দীঘলীয়া বাট লৈ দীর্ঘ সময়ৰ বাবে তেওঁক কোনো চিকিৎসা নোহোৱাকৈ পেলাই ৰখা হ’ল- যিজন মানুহে বাটে-ঘাটে আঘাত পাই পৰি থকা মানুহেই নহয় জীৱ-জন্তু, চৰাই-চিৰিকটিকো চিকিৎসাৰ বাবে তুলি নি সুস্থ কৰি তোলে- লাগিলে নিজৰ প্ৰফেচনেল লছ অথবা পলম হোৱা বুলি বিতর্কই নহওক কিয়? তেনে এজন ব্যক্তিক ইমান অনাদৰ কৰা হ’ল! আমাৰ দৃষ্টিত এই য়াটখনত থকা প্রতিজন মানুহেই এই অভাৱনীয় ঘটনাটোৰ বাবে দোষী আৰু সকলো বিচাৰৰ আওতালৈ আহক, কথা সিমানেই।

৬) আমি ভিডিঅ’বোৰৰ জৰিয়তে দেখিছোঁ জুবিনক কিমান নেগলেক্ট কৰা হৈছিল। ছিজাৰ থকা মানুহ এজনক নিচাগ্রস্ত কৰি ইমান দীঘলীয়া সময়ৰ বাবে সাগৰৰ মাজত লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ উচটনি দিলে তাকো আন-এটেণ্ডেড, সেইটো সম্পূর্ণ ক্রাইম! পানীত তেওঁ ব’মিটিং হৈছে, নাকেৰে-মুখেৰে খোৱা বস্তু আৰু ফেন ওলাইছে- এই সকলোবোৰ গেষ্ট্ৰিকৰহে লক্ষণ বুলি এৰি দিব কেনেকৈ পাৰিলে? ভাগৰুৱা হৈ সাঁতুৰি থকা দেখিও সিদ্ধাৰ্থৰ হাত জোকাৰি ‘যাব দে’ ইংগিত, কোনো এজনে অৱশঃ মানুহজনক বাধা দিয়াৰ চেষ্টা নকৰি আনন্দত মচগুল হৈ থকা… কিমান অসহনীয় এইবোৰ পানীত ডুবি যোৱাৰ পিছত য়াটলৈ উঠাই আনোতে তেওঁৰ দাঁতে দাঁতে লাগিছে আৰু tong এডাল মুখত সুমুৱাই দিব লগা হৈছে বুলিও প্রবাসী অসমীয়াকেইজনে নিজৰ ষ্টেটমেন্টণ্টত কৈছে। তাৰ পিছতো তেওঁলোকে ইমান অৱহেলাৰে তেওঁক পেলাই থ’লে, Untrained মানুহে চিপিআৰ দিছে, তেওঁৰ ribs ভাঙিছে। মূৰতো আঘাত আছিল তেওঁৰ। কেনেকৈ ক’ত সেই আঘাত পাইছিল? হাঁওফাঁওত পানী জমা হৈ আছিল। ছিংগাপুৰৰ এজনে কৈছে, য়াটত উঠোৱাৰ পিছত জুবিনৰ পেটটো হেঁচি দিওঁতে সাগৰৰ পানী বহুত ওলাইছিল। … বহুত বহুত কষ্ট পালে তেওঁ। এই কথাবোৰ ভাবিবলৈও ভয় লাগে, বুকু কঁপি যায়! এই কষ্টবোৰ আমি জীয়াই থকা প্রতি মুহূর্তত অসহায় হৈ কঢ়িয়াই ফুৰিব লাগিব। আমাক এই সকলোবিলাক কথাৰ উত্তৰ লাগে। এই গোটেইবোৰ মানুহ নহয়, একো একোটা দানৱ… যাৰ বাবে আমি আমাৰ মানুহজনক হেৰুৱালোঁ। আমাৰ ঘৰখন, অসমখন থানবান হৈ গ’ল। ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি খুব ধৈৰ্য আৰু সংযমেৰে আমি অপেক্ষা কৰিছোঁ, এই অসুৰবোৰে পৃথিৱীৰ আটাইতকৈ ভয়ানক শাস্তি পাওক।

২০০০ চনৰ পৰাই মৃত্যুৰ তাণ্ডৱ চলা আমাৰ ঘৰখন সময়ৰ সোঁতত মাথোঁ অলপ থানথিত লাগিছিলহে, তাকো এই অসুৰবিলাকৰ সহ্য নহ’ল! মৃত্যুৰ ধুমুহাত বিধ্বস্ত আমাৰ ঘৰখন, ডেকা পুত্রক হেৰুওৱা এজন অসহায় পিতৃ, নিজৰ সাহস আৰু শক্তি হৈ থকা ককায়েকক হেৰুওৱা এজনী ভগ্নী আৰু মই… যাৰ বাবে জুবিনেই সকলো আছিল! এতিয়া যিহেতু সকলো ন্যায় ব্যৱস্থাৰ অধীনত… এই সময়ত আমি আশা কৰিছোঁ এছআইটিয়ে দাখিল কৰা চার্জশ্বীটখন উপযুক্ত সাক্ষ্য-প্রমাণ আৰু তথ্যৰে যথেষ্ট সবল আৰু পানী নসৰাকৈ ইতিমধ্যে দাখিল কৰিছে। চৰকাৰী আইনজ্ঞসকলেও নিশ্চয় ইতিমধ্যে পঢ়ি সকলো চালি-জাৰি চাইছে। গতিকে এই মুহূর্ততো যদি তেওঁলোকে ভাবে, এই সমস্ত মাৰাত্মক অপৰাধ কাণ্ডটোত অভিযুক্তকেইজনক আদালতত দোষী সাব্যস্ত কৰিবৰ বাবে যদি কিবা আৱশ্যক আছে, তেন্তে আমাৰ একান্ত অনুৰোধ এছআইটি আৰু চৰকাৰী আইনজ্ঞসকলে আকৌ এবাৰ ৰিভিউ কৰি প্ৰয়োজনীয় আইনী পদক্ষেপখিনি যাতে কৰি লয়। (মাননীয় মুখ্যমন্ত্রী মহোদয়ে খুব সম্ভাৱেৰে উল্লেখ কৰিছিল ফাষ্টট্ৰেক বিচাৰৰ কথা) এতিয়া আমি একান্তভাৱে বিচাৰিছোঁ ফাষ্টট্রেক, এ স্পেচিয়েল বেঞ্চ আদালত, য’ত daily basisত কেবল জুবিন গাৰ্গৰ কেছৰ শুনানি হওক, যাতে অতি সোনকালে জুবিন গার্গে ন্যায় পায়!। নহ’লে ৩০০তকৈ অধিক উইটনেছৰ শুনানিত বহু বছৰ লাগিব, Justice delayed is Justice denied. চৰকাৰলৈ আৰু এটা বিশেষ অনুৰোধ যাতে এটা strong Public Prosecutorৰ টীম গঠন কৰি দিয়ে, য’ত জ্যেষ্ঠ অধিবক্তাও দুজনমান (যাৰ ওপৰত ৰাইজৰ শ্ৰদ্ধা আৰু আস্থা আছে) থাকে, as legal advisors আৰু টামটো প্রয়োজনীয় man-power তথা logistics সা-সুবিধাৰে সবল কৰি দিয়ে, তেতিয়াহে ন্যায় প্রতিষ্ঠা জোৰদাৰ হ’ব। অভিজ্ঞ এছআইটি টীম আৰু Public Prosecutorsৰ টীম লগ লাগি চার্জশ্বীটখন যাতে সবলভাবে, কোনো এজনো অভিযুক্ত সাৰি যোৱাৰ সুৰুঙা নথকাকৈ ন্যায়ালয়ত উপস্থাপন কৰি সঠিক আৰু শুদ্ধ ন্যায় প্রতিষ্ঠা কৰে… এতিয়া সমগ্ৰৰ সেয়াই অপেক্ষা। জুবিন গার্গে যদি ন্যায়ৰ পৰা বঞ্চিত হ’ব লগা হয়, তেন্তে আন জনগণৰ বাবে ন্যায় কি হ’ব? ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে আৰু বাৰ কাউঞ্চিল আৰু সমূহ ৰাইজৰ সহযোগ বিচাৰিছোঁ আমাৰ এই ন্যায় যাত্ৰাত। দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাওক, এতিয়া তাৰ বাহিৰে আন কথা ভাবিব পৰাকৈ একো নাই আমাৰ!