জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রীলৈ গৰিমা গাৰ্গসহ পৰিয়ালৰ বিশেষ পত্র

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রীলৈ গৰিমা গাৰ্গসহ পৰিয়ালৰ বিশেষ পত্র

ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়াৰ প্রাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত সম্প্রতি আদালতৰ মজিয়াত ন্যায়িক যুঁজ অব্যাহত থকাৰ মাজতে কেইটামান পদক্ষেপ বিচাৰি মঙলবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মালৈ  গৰিমা শইকীয়া গাৰ্গৰ এখন বিশেষ পত্ৰ প্ৰেৰণ । গৰিমা শইকীয়া গাৰ্গৰ সৈতে এই পত্ৰত স্বাক্ষৰ শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰ আৰু খুৰাক মনোজ বৰঠাকুৰৰ । গৰিমা শইকীয়া গাৰ্গে পত্ৰযোগে উল্লেখ কৰে, আমাৰ স্বামী/ভাতৃ/ভতিজা জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া সন্দৰ্ভত আপোনাৰ পৰা দুটিমান পদক্ষেপ বিচাৰি এই পত্ৰৰ দ্বাৰাই অনুৰোধ কৰিব বিচাৰিছো । যোৱা ১৯ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে ঘটি যোৱা অভাৱনীয় আৰু আটাইতকৈ সর্বনাশী ঘটনাটোৱে আমাৰ পৰিয়ালটোক সৰ্বস্বান্ত কৰি থৈ গ’ল । আমি এতিয়াও সেই আঘাত লৈয়েই স্থবিৰ হৈ ৰৈ আছো । ঘটনাটোৰ পিছৰে পৰা আমি অনুধাৱন কৰিছো যে, অসম চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা লৈ কামবোৰ আগবঢ়াই নিছে । SIT গঠন কৰি এক দীঘলীয়া তদন্ত প্ৰক্ৰিয়াৰ পাছত নিৰ্দিষ্ট সময়ৰ ভিতৰত চার্জশ্বীট দাখিল কৰিছে ।জুবিন গাৰ্গৰ সৈতে কোনেও কেতিয়াও কল্পনা কৰিব নোৱাৰা এটা শব্দ যোগ হ’ল ‘হত্যা’- চার্জশ্বীটখনত বহুতো সাক্ষ্য আৰু প্রমাণসহ বিস্তৃত আৰু স্পষ্টভাৱে এই কথা প্রকাশ পাইছে । ইতিমধ্যে আদালতত শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । গতিকে, সম্পূর্ণ ন্যায় প্রক্রিয়া এতিয়া আদালতৰ যোগেদিয়েই আগবাঢ়িব । ইফালে মুখ্যমন্ত্ৰীজনে জুবিন গাৰ্গৰ পৰিয়াল আৰু ৰাজ্যবাসীক জুবিন গাৰ্গক উচিত ন্যায় প্ৰদান কৰা হ’ব বুলি ঘোষণা আৰু আশ্বাস প্রদান কৰি অহাৰ কথা সদৰী কৰি তেওঁলোকে কয় যে এই বছৰটোৰ প্ৰথম দিনটোতে গোটেই আইনী প্ৰক্ৰিয়াটো সবল কৰাৰ উদ্দেশ্যে এটা বিশেষ লোক অধিবক্তাৰ দল গঠন কৰাৰ লগতে প্ৰক্ৰিয়াটো ক্ষিপ্ৰতৰ হোৱাকৈ এখন বিশেষ আদালতৰ বাবে উচ্চন্যায়ালয়ত আবেদন জনোৱাৰ কথাও ঘোষণা কৰিছিল। কিন্তু আদালতত শেহতীয়াকৈ হোৱা শুনানিত দেখা গ’ল যে অভিযুক্তসকলৰ প্ৰত্যেকেই আত্মৰক্ষাৰ বাবে দেশৰ আগশাৰীৰ খ্যাতিসম্পন্ন আৰু অভিজ্ঞ অধিবক্তা নিয়োগ কৰিছে। তেনেক্ষেত্ৰত জুবিন গার্গে উচিত ন্যায় পাব পৰাকৈ চৰকাৰী পক্ষতো এটা অধিক শক্তিশালী আৰু অভিজ্ঞ অধিবক্তাৰ দল নিয়োগ কৰাৰ প্ৰয়োজন আৰু সময় আহি পৰিছে। আদালতত আইনী যুঁজখন সবল হ’বলৈ হ’লে অতি শীঘ্রেই যথেষ্ট অভিজ্ঞ ফৌজদাৰী আইনৰ সৈতে জড়িত অধিবক্তাৰ দল এটা বিশেষ লোক অধিবক্তাৰ দল নিয়োগ কৰাটো অত্যন্ত প্রয়োজনীয় বুলি তেওঁলোকে প্রকাশ কৰে। সমান্তৰালভাৱে ন্যায় প্রক্রিয়াটো ক্ষিপ্র গতিত চলাই নিবলৈ এখন বিশেষ আদালতৰো প্রয়োজন হ’ব। অন্যথা, তদন্তত উল্লিখিত প্রায় ৩৯৪জন সাক্ষীৰ সাক্ষ্য গ্রহণ কৰি আন আন দিশৰ প্ৰয়োজনীয় পদক্ষেপসমূহ ল’বলৈ আদালতত দশকজোৰা সময়ৰ প্ৰয়োজন হ’ব। জুবিন গার্গে যিমান সোনকালে সম্ভৱ সিমান সোনকালে ন্যায় পোৱাৰ পোষকতা কৰি ৰাইজৰ প্ৰাণৰ শিল্পীজনে ন্যায় পাবই লাগিব বুলি কয়। অন্যথা সাধাৰণ জনতাৰ ন্যায়ৰ প্ৰতি আস্থা হেৰাই যাব বুলিও তেওঁলোকে প্রকাশ কৰে। পৰিয়ালে ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি আইনৰ গণ্ডীৰ মাজত থাকিয়েই এই বিচাৰ কাৰ্যত প্রয়োজনীয় সকলো সহযোগিতা কৰি আহিছে আৰু আগলৈও কৰি যোৱাৰ প্ৰতিশ্রুতি দি এই আইনী প্রক্রিয়া সুচাৰুৰূপে আৰু ক্ষিপ্ৰতাৰে সম্পন্ন হোৱাৰ কামনা কৰে বুলি উল্লেখ কৰে।

গৰিমা শইকীয়া গাৰ্গে লগতে দুটি অনুৰোধ জনাই উল্লেখ কৰে –

  1. জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া অধিক জোৰদাৰ কৰি বিপক্ষৰ অভিযুক্তৰ সৈতে যুঁজ দিবলৈ এটা খুব সবল অভিজ্ঞ আৰু জ্যেষ্ঠ অধিবক্তাৰে (যাৰ ওপৰত ৰাইজৰ অসীম শ্রদ্ধা আৰু আস্থা আছে) Special Public Prosecutor team গঠন কৰি দিয়া হওক, লগতে তেখেতসকলক এই প্রক্রিয়াটোত প্রয়োজন হোৱা উপযুক্ত logistics আৰু অন্যান্য প্রয়োজনীয় সা সুবিধাসমূহো উপলব্ধ কৰি দিয়া হওক !
  2. ন্যায় প্রক্রিয়াটো আদালতত ক্ষীপ্ৰতৰ কৰিবলৈ মহোদয়ে যাতে এখন বিশেষ আদালতৰ ব্যৱস্থা কৰি দিয়ে আৰু মহামান্য উচ্চ ন্যায়ালয়ত আবেদন জনাই যাৱতীয় পদক্ষেপসমূহ শীঘ্রেই গ্রহণ কৰি আমাক সকলোকে উপকৃত কৰে ।