জুবিন গাৰ্গৰ মৃত্যুৰকাণ্ডৰে জড়িত ৫জন অভিযুক্তক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুকাণ্ডৰে জড়িত ৫জন অভিযুক্তৰ ন্যায়িক জিম্মা বৃদ্ধি। ৫জন অভিযুক্তক পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সান্দীপন গাৰ্গ, ২ পি এছ অ পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক কাৰাগাৰৰ পৰাই ভাৰ্চুৱেলী হাজিৰ কৰোৱা হয় আদালতত। চি জে এম আদালতে শ্যামকানু মহন্তসহ ৫অভিযুক্ত পুনৰ ১৪দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আগন্তুক ১৪টা দিন বাক্সা কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্তসহ ৫অভিযুক্ত।উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ১৪অক্টোবৰত বাক্সা কাৰাগাৰৰলৈ প্ৰেৰণ কৰা হৈছিল এই ৫অভিযুক্তক। উক্ত দিনটোতে কাৰাগাৰৰ বাহিৰত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ, যত আৰক্ষীয়ে গুলীচালনা কৰিব লগা হৈছিল। ইফালে জুবিন মৃত্যুকাণ্ডৰ সৈতে জড়িত আন দুগৰাকী অভিযুক্ত ক্ৰমে শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক ৰখা হৈছে হাফলং জেইলত। জুবিন মৃত্যুকাণ্ডক লৈ তদন্ত অব্যাহত ৰাখিছে এছ আই টিয়ে।এই বিষয়ৰ সন্দৰ্ভত এতিয়ালৈকে ৬০ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। ছিংগাপুৰলৈ গৈও সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ বুজ লৈছিল এছ আই টিয়ে। আৰক্ষী সূত্ৰৰ মতে, ঘটনাৰ মূল কাৰণ উদঘাটনৰ বাবে অধিক তথ্য সংগ্ৰহ কৰাৰ চেষ্টা চলি আছে। তদন্ত সম্পূর্ণ নহোৱালৈকে অভিযুক্তসকলক জিম্মাত ৰাখি আগবঢ়োৱা হ’ব তদন্ত প্রক্রিয়া।
