জুবিন গাৰ্গৰ মৃত্যুত বিজেপিৰ এলানি কাৰ্যসূচী

জুবিন গাৰ্গৰ মৃত্যুত বিজেপিৰ এলানি কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত আমি এতিয়াও সকলো ম্ৰিয়মাণ । প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত এলানি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি এই সন্দৰ্ভত মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শ‌ইকীয়া ডাঙৰীয়াই এখন সংবাদমেল সম্বোধন কৰি আমাৰ দলৰ কাৰ্যসূচীসমূহ ঘোষণা কৰে। ১৯ অক্টোবৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এমহীয়া শ্রদ্ধাঞ্জলি কার্যক্রম ৰাজ্যখনৰ ৰাজ্যিক, জিলা, মণ্ডলৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত গাম্ভীর্যপূর্ণভাৱে আয়োজন কৰা হ’ব। ২২ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ প্ৰতিখন জিলা সদৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্রদান কৰিবলৈ “বিশাল জন সমদল” অনুষ্ঠিত কৰা হ’ব। ২২ অক্টোবৰত এই বিশাল জন সমদল কার্যসূচী নলবাৰী জিলাৰ পৰা আৰম্ভ হ’ব। ২৬ অক্টোবৰত ৰাজ্যখনৰ ২৫,০০০ৰো অধিক বুথ/গাঁৱত প্রধানমন্ত্রীৰ মন-কী-বাত কাৰ্যসূচীৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হ’ব। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবলৈ এজোপাকৈ নাহৰ গছ ৰোপণ কৰাৰ লগতে প্রতিপালন কৰা হ’ব।প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবলৈ দলৰ বিধায়ক আৰু সাংসদসকলে নিজৰ নিজৰ সমষ্টিত জুবিন গাৰ্গৰ একোটাকৈ প্রতিমূর্তি স্থাপন কৰিব।প্রতিখন জিলাত সৰ্বস্তৰৰ নিৰ্বাচিত বিজেপিৰ জনপ্রতিনিধিসকলৰ সহযোগত প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰিবলৈ একোখন সংগীত বিদ্যালয় স্থাপন কৰা হ’ব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা নিবেদন কৰিবলৈ দলৰ সাংসদ, বিধায়কসকলে নিজ সমষ্টিত একোখনকৈ প্রদর্শনীমূলক ফুটবল খেলৰ আয়োজন কৰিব। প্ৰাণৰ শিল্পী গৰাকীৰ হৃদয় জুৰুৱা গীত পৰিৱেশনেৰে ৫০০০ জুবিন অনুৰাগী দলীয় কার্যকর্তা, সমর্থক, শুভাকাংখীসকলে সামূহিক শ্রদ্ধাঞ্জলি নিবেদন কৰিব। অহা ১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ পৰা আৰম্ভ কৰি ৩০ নৱেম্বৰৰ ভিতৰত সামূহিক গীত পৰিৱেশনৰ কাৰ্যসূচী প্রতিখন জিলাত অনুষ্ঠিত কৰিব।