জুবিন গাৰ্গৰ দুই দেহৰক্ষীক গ্ৰেপ্তাৰ 

জুবিন গাৰ্গৰ দুই দেহৰক্ষীক গ্ৰেপ্তাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ । উল্লেখ্য যে চতুর্থ দিনৰ বাবে জেৰাৰ সন্মুখীন হৈছিল দুয়ো। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছত আৰম্ভ হোৱা চি আই ডিৰ তদন্তত দুয়োৰে একাউন্টত ১ কোটিৰো অধিক টকাৰ লেনদেন হোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহে।তথ্য অনুসৰি এছ আই টিয়ে নন্দেশ্বৰ বৰাৰ একাউণ্টৰ পৰা ৭০ লাখ টকা আৰু পৰেশ বৈশ‍্যৰ একাউণ্টৰ পৰা ৪০ লাখ টকাৰ লেন দেনৰ তথ‍্য পাইছিল। গুগল পেৰ জৰিয়তে এই ধনৰ লেনদেন কৰিছিল দুই দেহৰক্ষীয়ে।  এছ আই টিৰ মতে, জুবিনে বহু সময়ত টকা ৰাখিব দিছিল দুই দেহৰক্ষীক। কিন্তু সেই টকাৰ অপব্যৱহাৰ কৰাৰ তথ্য লাভ কৰিছে  এছ আই টিয়ে। যাৰ বাবে জেৰাৰ সন্মুখীন হৈছিল দুই দেহৰক্ষীক। এই বৃহৎ পৰিমাণৰ ধন লেনদেনৰ তথ্য পোহৰলৈ অহাৰ লগে লগে দুয়োজনকে নিলম্বন কৰা হৈছিল। দুই দেহৰক্ষীক গ্ৰেপ্তাৰ কৰাৰ পিছত দুয়োকে আজি হাজিৰ কৰোৱা হ’ব আদালতত।