জুবিন গাৰ্গৰ জন্ম দিন উদযাপন

জুবিন গাৰ্গৰ জন্ম দিন উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  জুবিন গাৰ্গৰ ৫৩ তম্ জন্মদিনৰ উপলক্ষে আজি সংগ ধাম আশ্ৰম,কালিপুৰ (নদীৰ পাৰ)
কামাখ্যা, গুৱাহাটীত সমাজৰ স্থানীয় তথা বিভিন্ন ব্যক্তিৰ উপস্থিতিত এক বৃহৎ বৃক্ষৰোপণ / বিতৰণ কাৰ্যসূচী ও চাৰিখন কিতাপ সংগ্ৰহালয়ৰ স্থাপন কৰা হয় । অনুষ্ঠানৰ আৰম্ভণি বৈদিক মন্ত্ৰৰে তথা “মায়াবিনী ” গীতেৰে কৰা হয় ।উক্ত অনুষ্ঠানত জুবিন গাৰ্গৰ জন্মদিনৰ দিৱসৰ উপহাৰ হিচাপে, সন্দীপ চমৰীয়াৰ দ্বাৰা ৰচিত, সুৰেৰে সজোৱা তথা নিজে কন্ঠদান কৰা “অংশুমান” নামৰ নতুন অসমীয়া গীতৰ উন্মোচনী কৰা হয় । উক্ত অনুষ্ঠানত বিশিষ্ট ব্যক্তি সকলে সাৰুৱা ভাষন প্ৰদান কৰে তথা অনুষ্ঠানত সামৰি লোৱা বিভিন্ন কাৰ্যসূচীৰ ভুয়সী প্ৰশংসা কৰে । কাৰ্যসূচীৰ অন্তত উপস্থিত ৰাইজে বৃক্ষৰোপণ কৰে তথা এক সেউজ পৰিৱেশ এই অঞ্চলত গঢ়ি তুলিবৰ বাবে সংকল্পবদ্ধ হয়।