জুবিন গাৰ্গৰ গীত- এক অনুভৱ
পূৰ্ণ বৰা ,অধ্যাপক
পূব ডিক্ৰং মহাবিদ্যালয়
মানৱ জীৱনত সংগীত
অতি গুৰুত্বপূৰ্ণ বিষয় ৷ সংগীতৰ মূৰ্চনাই মন মোহিত কৰাই নহয়,জীৱনক প্ৰদান কৰে অপৰিসীম সুখ ৷ সংগীতৰ যাদুকৰী ৰূপত মন আহ্লাদিত হোৱাৰ উপৰিও স্নায়ুবিক উপশম ঘটায় ৷ মানুহৰ কথাবোৰ আবেগৰ ঢৌত মৌ বৰষা হৈ কবিতাৰ ৰূপ পায় আৰু কবিতাবোৰ সুৰীয়া হ’লে গান হৈ মন টানি ধৰে ৷এই গান জাতিৰ প্ৰাণ ৷
সংগীতৰ ইতিহাসত জীবন গাৰ্গ বিস্ময় প্ৰতিভাৰ অধিকাৰী ৷তেওঁ অসমীয়া সংগীত জগতৰ সাম্প্ৰতিক সময়ৰ ঈশ্বৰ পুৰুষ ৷তেওঁক কেৱল অসমীয়া ভাষা সংগীতজ্ঞ বুলি অভিহিত কৰিব নোৱাৰি বিশ্বৰ ৪০ টা ভাষাত ৩৮ হাজাৰ গান গোৱা প্ৰথম গৰাকী সংগীতজ্ঞ ৷সেইয়ে তেওঁৰ প্ৰতিভাত মোহিত হৈ ১১৪খন দেশত জীৱন আৰু মৃত্যুৰ সম্পৰ্কত ইন্টাৰনেট চাৰ্চ হোৱা পৰিঘটনা সৃষ্টি হ’ল ৷
জুবিনে গীতত মায়াময় পৰিবেশ এটা সৃষ্টি কৰি এক তন্দ্ৰামগ্ন কৰাৰ কৌশল আয়ত্ত কৰিছিল ৷গীতক কলাৰ উচ্চ সম্পদ হিচাপে প্ৰতিষ্ঠা কৰি আধ্যাত্মিক জগত এখনলৈ মানুহক লৈ যোৱাৰ প্ৰবনতাক তেওঁ বাস্তৱমুখী কৰি তুলিলে ৷ মৃত্যুৰ পূৰ্বতে ভৱিষ্যতৰ অঙ্গীকাৰ প্ৰতিষ্ঠা কৰি গীত হৈ পৰিল প্ৰাৰ্থনা ৷
সোণাপুৰৰ কমাৰগাঁৱৰ মুখাগ্নিৰ সময়ত কি যে মহত্ত্ব লাভ কৰিলে এই গীতটিয়ে –
মায়াবিনীৰ ৰাতিৰ বুকুত/
দেখা পালো তোমাৰ ছবি/
ধৰা দিলা গোপনে আহি হিয়াৰ কোণত/
তুমি যে মোৰ শুকান মনৰ/নিয়ৰৰে চেঁচা টোপাল/নামি অহা ৰ’দৰে নৈ/মোৰ দেহত প্ৰতি পুৱা/ধুমুহাৰ স’তে মোৰ/বহু যুগৰে নাচোন/এন্ধাৰে সঁচা মোৰ/বহু দিনৰে আপোন/নিজানৰ গান মোৰ শেষ হ’ব/ভাবোঁ তোমাৰ বুকুত —-(মায়াবিনী)
জুবিন গাৰ্গৰ এনে বহু গীত আছে য’ত জীৱনৰ নান্দনিক চেতনাক আধ্যাত্মিক ভাৱাদৰ্শৰে জীপাল কৰি মানুহক অনাবিল সুখ প্ৰদান কৰে ৷তাৰেই এটা উদাহৰণ-
ভবা কথা নহয় সিদ্ধি/বাটত আছে কণা বিধি/খোজে খোজে খাবগৈ উজুটি/
ধন জন মিছা মায়া/সপোনৰে মাথোঁ ছাঁয়া/নাথাকিব একোকে শেষতে ৷(ভবা কথা নহয় )
জুবিন গাৰ্গৰ গীতত জীৱন জিজ্ঞাসা আছে ৷ নজনা কথা,নুবুজা কথা এই পৃথিৱীত একোৱেই নাই,লাগে মাথোঁন গভীৰ জীৱনবোধ আৰু নিৰীক্ষণ ৷ই হ’ব লাগিব মনৰ স্হিতাৱস্থাৰ বাঙ্ময় অনুভৱ ৷এনে বৈশিষ্ট্যৰে সমুজ্জ্বল গীত-
কেতিয়াবা ফুল ফুলে/
কেতিয়াবা ফুল সৰে/
কেতিয়াবা নিজানতো শব্দ হৈ কথা সৰে—-
এই গীতটোৰ সুৰৰ অনুপম মাধুৰ্য্যই সকলোৰেই মন মোহিত কৰাৰ উপৰিও জনচক্ষুত প্ৰতিফলিত হয় চৌপাশৰ পৰিবেশ ৷
অসমীয়া গীতিকাৰসকলৰ ভিতৰত জুবিন গাৰ্গৰ গীতত ঐতিহ্য প্ৰীতি বাৰুকৈয়ে সংপৃক্ত হৈ পৰিছে ৷ জাতীয় জীৱন আৰু জাতিৰ ঐতিহাসিক বিৱৰ্তনৰ কথা তেওঁৰ গীতৰ সম্পদ হৈ ৷ উদাহৰণস্বৰূপে,
প্ৰতিটো প্ৰহৰ প্ৰতিটো সময়/
প্ৰতিটো পলে চিঞৰে আজি/
প্ৰতিটো দুখৰ প্ৰতিটো শোকৰ/প্ৰতিটো ক্ষুভৰ মূল্য সুঁৱৰি (প্ৰতিটো প্ৰহৰ )৷কেতিয়াবা নষ্টালজিয়াত মগ্ন গীতিকাৰ গৰাকীৰ গীতত ঐতিহ্যৰ প্ৰীতি প্ৰতিফলিত হয়,এনেদৰে-
পাখি পাখি এই মন/পাখি লগা মোৰ মন/পাখি মেলি যা উৰি/উৰি পাখি মেলি যা উৰি৷/জাকি মাৰি গৈ নাম/এৰি অহা পদূলিত/বুটলি আন ল’ৰালি ৷(পাখি পাখি এই মন) আচলতে এনেকুৱা ধৰণৰ গীতবোৰত শব্দৰ লয় প্ৰসাৰিত হোৱা উপৰিও অন্তৰাই মনত ঢৌ খেলি থাকে ৷
জুবিনৰ গীতৰ আন এক শ্ৰেষ্ঠ বৈশিষ্ট্য সৌন্দৰ্যৰ চেতনা ৷তেওঁৰ এই সৌন্দৰ্যবোধ কীটছ অথবা পাশ্চাত্যৰ নান্দনিক কৌশলৰ পৰা জন্ম হোৱা নাই ৷ ই এক সংগীত শিল্পীগৰাকীৰ মনোৰঞ্জিত উদাসী মনৰ কল্পলোকৰ সুখানুভূতি ৷আচলতে ভাৰতীয় বৈদিক ধ্যান ধাৰণাত নিৰূপিত হৈ থকা অলৌকিক সুখ তেওঁৰ সৌন্দৰ্যচেতনাৰ উপজীব্য যেন লাগে ৷তলত উল্লেখ কৰা গীতটোত তাৰেই অনুৰণন শুনিবলৈ পোৱা যায় –
গানে কি আনে সুৰৰ সপোনে সপোনে/ গানে কি সানে ডাঁৱৰৰ কাণে কাণে/ৰামধেনুৰ শিতানে শিতানে /সুৰৰ সোপানে সোপানে—-(গানে কি আনে )গীতিকাৰ হীৰেন ভট্টাচাৰ্যৰ অনুভৱ অতি জীৱন্ত কৰি সুৰাকাৰ গৰাকীয়ে মহামন্ত্ৰৰ ৰূপ প্ৰদান কৰিলে ৷
জুবিন গাৰ্গৰ বহুতো গানত ৰোমাণ্টিক সুৰ ধ্বনিত হৈছে ৷ এইয়া পূৰ্বসুৰী গীতিকাৰ প্ৰভাৱ নহয় ৷আচলতে তেওঁৰ প্ৰেম আকলুৱা ছন্দোময় ৰূপৰ অভিমানী মনৰ নান্দনিক মূৰ্চনাই ব্যক্তিগত জীৱনৰ বহুকথাকে কয়-
মনৰ নিজানত জোনাক আছিলে/তোমাৰ মৰমৰ সুবাস সানিলৈ/হঠাতে শুকালে পোহৰৰ ফুলনি/নীলিমাৰ মাজতো নাথাকা যে তুমি /নাহিবা বেদনা হৈ বুকু ভৰা (মনৰ নিজানত )৷ তেওঁৰ প্ৰেম কেৱল মানসিক স্তৰৰ এক ৰসানুভুতি নহয় ৷বাস্তৱৰ তেজ মঙহৰ মানুহৰ কাব্যানুভুতি-কঁকাল খামুচীয়া গাল গুলপীয়া/তুমি কোন সৰগৰ পৰী/
কজলা চকুৰে পদুমী খোজেৰে/নিলাহী মন মোৰ হৰি/গাঁৱৰে জীয়াৰী থাকিবা আঁতৰি/চুলে মাৰিব বিজুলী —(কঁকাল খামুচিয়া)৷ঠিক সেইদৰে আন এটা গীতত ব্যক্তিগত প্ৰেমৰ অনুভৱ প্ৰকাশ কৰি তেওঁ কৈছে,
আজি তুমি ন’হলে মোৰ মন নভৰে/সপোনৰে পখী হৈ নামানা/গোলপীয়া ওঁঠৰে মিঠা মিঠা চুমাৰে/মোৰ দুবাহুত ৰোৱানা (আজি তুমি ন’হলে)
মৃত্যুচেতনা গীতিকাৰ গৰাকী গীতৰ আন এক বিশেষ বৈশিষ্ট্য ৷জীৱনৰ মহত্ত্ব মৃত্যুৰ কোলাত উপলব্ধ বুলি তেওঁ স্বীকাৰ কৰে ৷মৃত্যু কামনা-বাসনা হীন শান্তিৰ শয়ন-
আকাশে গাতে ল’বৰে মন/সাগৰ তলিত শুবৰে মন/মনৰ চিলা উৰুৱাই জীৱনে—(সাগৰ তলিত শুবৰে মন) ৷ জীৱনৰ ক্ষণভংগুৰতা স্বীকাৰ কৰি তেওঁ কয়-
ঠুনুকা এই জীৱনতে/এমুঠি হাঁহি পাবলৈ টান/থকা হাঁহিকণ নোহোৱা হ’লেই/সকলোখিনি হ’ব অৱসান ৷(কাৰ পৰশ)আন এটা গীতত-
মই নথকাৰ অনুভৱ/যিদিনা হ’ব তোমাৰ/সিদিনা অশ্ৰু নিগৰিবনে কোৱা (মই নথকাৰ অনুভৱ)
জুবিন গৰ্গ এগৰাকী সমাজ সচেতন গীতিকাৰ ৷ অন্যায়,অবিচাৰ,শোষণ নিষ্পেষণ আদিৰ বিপৰীতে তেওঁ আছিল মুক্ত মনৰ শিল্পী সত্তা ৷তেওঁ এটা প্ৰতিবাদী মন আছিল ৷দুনীতি নিঃশেষ কৰি এখন সাম্য সমাজৰ স্বপ্নই তেওঁৰ মনৰ দিগন্ত প্ৰসাৰিত কৰিছিল ৷মানুহক দেৱতা আৰু অসুৰ এই দুটা শ্ৰেণীতহে তেওঁ বিভক্ত কৰা প্ৰয়াস কৰিছিল ৷জাতি-ধৰ্ম,বৰ্ণৰ বিভাজন নকৰি মানুহৰ মনুষ্যত্বৰ বিকাশ ঘটাই দেৱত্ব গুনেৰে তেওঁ বিভূষিত কৰিছিল ৷
মুখা মুখা/
কিয় পিন্ধা এই মুখা/
ঘনে ঘনে/তুমি ৰূপ সলোৱা/কোনোবা যে তোমাৰ বাবে ৰৈ থকা/তুমি চাগে কাহানিও নেদেখা/মুখাৰে আঁৰত ক’ত খেলা/মুখাৰে আঁৰতে ক’ত লীলা/মুখাৰে আঁৰতে মিছা/মুখাৰে আঁৰত জিয়াবা কিমান/বুকুৱে বুকুকে ভাঙে/হিয়ায়ে হিয়াকে বেচি দিয়ে/মগজুৰ চুকে কোণে/কিনো বিলাই ফুৰে পোকবোৰে/মুখাৰে আঁৰতে কোনোবা ক’লা/মুখাৰে আঁৰতে কোনোবা বগা/মুখাৰে আগতে ক’ত চালনা (মুখা মুখা)৷ জীৱনৰ ব্যাপ্ত উপলব্ধিৰে তেওঁ অনুভৱ-
পাখী মেলি সপোনে/আগচিলে জীৱনক/কোনোবা দৰদী/আকাশৰ নীলিমাতে/সেই মন আজি যেন/অসীমত লীন যোৱা তৃষ্ণা(এন্ধাৰ হ’ব নোৱাৰে )৷
অসমীয়া গ্ৰাম্য সমাজ জীৱনৰ অনেক সম্পদ তেওঁৰ গীত ৰাজিত মোহনীয় ৰূপত প্ৰতিফলিত হৈছে ৷ অসমৰ নদ-নদী,পৰ্বত-পাহাৰ,জান-জুৰি, ইকৰা-খাগৰী, নল-বিৰিণা,গছ-গছনি,চৰাই-চিৰিকতি
জুবিন গাৰ্গৰ গীতত সাৰ্থক চিত্ৰকল্পৰ প্ৰয়োগ ঘটিছে ৷পৰিবেশ আৰু পৰিস্থিতিৰ মূল্যায়ন কৰি তেওঁৰ গীতে দিয়ে জীৱন্ত পৰিস্থিতিৰ আভাস ৷
মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে /সাবটি বহুতকে ইপাৰে -সিপাৰে/ও দৰীয়াঘাটতে কলিজা থেকেচি/লুইতৰ বুকুতেই বুকুখন মেলি/ইফালে-সিফালে আনে শুনক বুলি/ঐনিতম এফাঁকি গায় ৷(মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে )
প্ৰতীকাত্মকভাৱে গীতৰ গুৰুত্ব প্ৰদানৰ কৌশল গীতিকাৰ গৰাকীয়ে আয়ত্ত কৰিছিল ৷ গীতিকাৰ গৰাকীৰ গীতত ঘৰুৱা শব্দৰ যাদুকৰী ৰূপ মূৰ্তমান ৷গ্ৰাম্য পৰিবেশ চিত্ৰায়ণ কৰি তেওঁ সুৰত প্ৰাণ পোৱা গীতৰ উদাহৰণ-
অ’ মোৰ ল’ৰাৰ মাক/মাছলৈ যাওঁ নাখাও,নাখাও শুদা ভাত/ৰহদৈ কৰ্দৈ পাৰি পাৰি থ তই/জুটিৰে খামে দিনৰ সাজ/মাছলৈ যাওঁ নাখাও শুদা ভাত ৷( অ’ মোৰ ল’ৰাৰ মাক)৷
গতিশীল সমাজ এখনৰ স্বপ্নত বিভোৰ শিল্পী গৰাকী ৰক্ষণশীল মানুহৰ বাৱে ঈৰ্ষণীয় হৈ উঠিছিল ৷ তেওঁৰ কণ্ঠৰ যাদুকৰি প্ৰভাৱে মানুহৰ মুক্তিকামী বাসনা জাগ্ৰত কৰি তুলিছিল ৷ঘেণ্টা শব্দটোৰ কাব্যিক ৰূপ প্ৰদান কৰি পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিলৈ ৰূপান্তৰৰ প্ৰয়াস কৰা পৰিলক্ষিত হৈছিল ৷
আচলতে জুবিনৰ গীত মহাকাশৰ পৰিসীমাৰে পৰিবিস্তৃত ৷অনেক মহিমাৰে মহিমামণ্ডিত এইগৰাকী শিল্পীৰ শৈল্পীক সম্ভাৰ ৷
