জুবিন গাৰ্গলৈ ফিল্ম ফেয়াৰ আছামিজৰ জীৱনজোৰা সাধনা বঁটা
ৰঙিলী বাৰ্ত্তাসেৱা-অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ ফিল্মফেয়াৰ বঁটা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনজোৰা অৱদানক সুঁৱৰি মৰণোত্তৰভাৱে Filmfare Awards Assamese 2026(ফিল্ম ফেয়াৰ এৱাৰ্ডছ আছামিজ)ৰ জীৱনজোৰা সাধনা বঁটাসহ ৩টা শিতানত বঁটা আগবঢ়োৱা হৈছে। শুক্ৰবাৰে পুৱাৰ ভাগত প্রয়াত শিল্পীগৰাকীৰ কাহিলিপাৰাৰ বাসভৱনত উপস্থিত হৈ ফিল্ম ফেয়াৰৰ এডিটৰ-ইন-চীফ জিতেশ পিল্লায়ে শিল্পীপত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পিতৃ কপিল ঠাকুৰৰ হাতত অর্পণ কৰিলে জীৱনজোৰা সাধনা বঁটা, ‘আগলি অনুভবে’ শীর্ষক গীতটোৰ বাবে শ্রেষ্ঠ নেপথ্য কণ্ঠশিল্পী বঁটা আৰু ‘ৰৈ ৰৈ বিনালে’ শীর্ষক ছবিখনৰ বাবে বিশেষ সন্মান। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত জীৱন ৰাম মুংগী দেৱী গোৱেংকা ৰাজহুৱা দাতব্য ন্যাসৰ সৈতে ফিল্ম ফেয়াৰে এই তিনিওটা সন্মান শিল্পীগৰাকীক মৰণোত্তৰভাৱে প্ৰদান কৰে। বঁটাকেইটা গ্রহণ কৰি শিল্পীপত্নী গৰিমা শইকীয়া গার্গে আৱেগিকভাৱেই কয় যে শিল্পী এগৰাকীক যিমানখিনি মৰম সন্মান দিব লাগে সেইখিনি দিয়াৰ বাবে আমি কৃতজ্ঞ। যদি জুবিন গার্গে নিজে সন্মানখিনি গ্রহণ কৰিব পাৰিলেহেঁতেন তেন্তে আমাৰ বাবে অধিক সুখৰ কথা হ’লহেঁতেন। তেওঁ য’তেই আছে তাৰ পৰাই এই সন্মান গ্রহণ কৰিব। তেওঁ সৃষ্টিৰাজিৰ মাজেৰেই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অমৰ হৈ থাকক সেয়াই আমি কামনা কৰোঁ। মন কৰিবলগীয়া যে আজি নিশা ফিল্ম ফেয়াৰ এৱাৰ্ডছ আছামিজ শীর্ষক অনুষ্ঠানটো অনুষ্ঠিত হ’ব। ২০২৪ আৰু ২০২৫ বৰ্ষত মুক্তিপ্রাপ্ত ছবিসমূহৰ আধাৰত বাছনিপ্রাপ্ত শ্রেষ্ঠ অভিনেতা-অভিনেত্রী, চিত্র নির্মাতা, কলা- কুশলীক এই বঁটা প্রদান কৰা হ’ব।
