জুবিন গাৰ্গক ‘ভাৰত ৰত্ন’ প্ৰদানৰ দাবী অসম জাতীয় পৰিষদৰ
প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰাৰ দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদে । দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ইমেইলযোগে এই মৰ্মে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। স্মাৰকপত্ৰখনত কোৱা হয় যে জুবিন গাৰ্গ কেৱল অসমৰে নহয়, সমগ্ৰ ভাৰতৰে একক আৰু অনন্য সম্পদ আছিল। জুবিনৰ কণ্ঠ সমগ্ৰ ভাৰতৰ ভিতৰত আছিল অদ্বিতীয়। ৪০ টা ভাষাত ৩৪ হেজাৰ গান গোৱা কণ্ঠশিল্পী গোটেই ভাৰতে কম আছে। তেওঁ মানৱতাৰ গান গাইছিল, ভালপোৱাৰ কথা কৈছিল, সমন্বয়ৰ সেঁতু গঢ়িছিল। সেয়ে জুবিন গাৰ্গক মৰণোত্তভাৱে ভাৰত ৰত্ন বঁটা আগবঢ়াবঢ়োৱা উচিত।