জুবিন গাৰ্গক ভাৰতৰত্ন দিবলৈ শীঘ্রেই আনুষ্ঠানিক প্ৰস্তাৱ অনা হ’বঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্রথম দিনটোত জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে বিৰোধীয়ে উত্থাপন কৰা সভা স্থগিত প্ৰস্তাৱৰ উত্তৰ দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা- জুবিন গাৰ্গক সন্দেহজনক ব্যক্তিৰ সম্পত্তি হ’বলৈ দিয়া নহ’ব। জুবিন গাৰ্গ সদায়ে অসমীয়াৰ সম্পত্তি হৈ থাকিব। ৰাজ্যবাসীৰ হিয়াৰ আমঠুগৰাকীক ভাৰতৰত্ন দিয়াৰ বাবে অখিল গগৈয়ে উত্থাপন কৰা বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্রীয়ে আজি সদনক কয়- জুবিন গাৰ্গক ভাৰতৰত্ন প্ৰদানৰ ক্ষেত্ৰত বিজেপিৰ সম্পূর্ণ সমর্থন আছে। অকল বিজেপিয়েই নহয়, অগপ, ইউপিপিএল, বিপিএফেও ইয়াক সমর্থন কৰে। জুবিন গাৰ্গক ভাৰতৰত্ন প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ কোনো আপত্তি নাই। অখিল গগৈয়ে বিষয়টোক লৈ সৃষ্টি কৰা ইছ্যুক তীব্র সমালোচনা কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ভাৰতৰত্ন প্ৰদানৰ ক্ষেত্ৰত অসম বিধানসভাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ক্ষেত্ৰত যি ধৰণে প্ৰস্তাৱ লৈছিল, সেইধৰণে প্ৰস্তাৱ ল’ব লাগিব জুবিন গাৰ্গৰ ক্ষেত্ৰতো। মৰমেৰে-সাদৰেৰে-বিভিন্নজনৰ বক্তব্যৰে, তেওঁৰ গুণ-গৰিমা, আখ্যানেৰে এই প্রস্তাৱ উত্থাপন হ’ব লাগে। এনে পৰিৱেশত নহয়। ডিব্ৰুগড় বিধানসভাক যেতিয়া আমি ভূপেন হাজৰিকাৰ নামত দিবলৈ কৈছিলোঁ এনেকৈ হোৱা নাছিল, সুধাকণ্ঠৰ গীত গোৱা হৈছিল, তেওঁক সোঁৱৰণ কৰা হৈছিল। সুন্দৰভাৱে প্ৰস্তাৱটো প্ৰেৰণ কৰা হৈছিল। জুবিন গাৰ্গক ভাৰতৰত্নৰ প্ৰস্তাৱ যি ধৰণে ইয়াত অনা হৈছে সেয়া জুবিন গাৰ্গৰ প্ৰতি সন্মান নহয়। যদি এই প্রস্তাৱ আনিব লাগে সম্পূর্ণ এটা দিন আমি ইয়াৰ ওপৰত আলোচনা কৰিম। সর্বদলীয় সিদ্ধান্ত হ’ব লাগিব। আমি তেওঁৰ সৃষ্টিক বন্দনা কৰিম, তেওঁৰ সৃষ্টিক প্রশংসা কৰিম, বন্দনা আৰু প্ৰশংসাৰে ওপচাই পেলাম। সেই প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ হ’ব। আজি চেঙাৰ বিধায়কে ক’ব ভাৰতৰত্নৰ প্ৰস্তাৱ পঠিয়াই দিয়ক। সেই ধৰণে নহ’ব। জুবিনক ইমান তৰলভাৱে ল’লে নহ’ব। এনেকৈ যদি আমাৰ সত্তা এটাক নোহোৱা কৰি দিব বিচাৰিছে এনে ৰাজনৈতিক চিন্তাৰ আমি বিৰোধিতা কৰিছোঁ। জুবিনক ভাৰতৰত্ন প্ৰদানৰ প্ৰস্তাৱত মুখ্যমন্ত্ৰী আৰু বিৰোধী দলপতিয়ে স্বাক্ষৰ কৰিব। সদনৰ প্ৰস্তাৱ আহিব, আমি আলোচনা কৰিম, সদনত এটা নির্দিষ্ট পৰম্পৰাৰ মাজেৰেহে এই প্রস্তাৱ উত্থাপিত হ’ব।
