জুবিন ক্ষেত্ৰ নিৰ্মাণ কোনে কেনেকৈ নিৰ্মাণ কৰিম ?
ৰাজু কলিতা, মাজুলী
অভিশপ্ত ১৯ ছেপ্টেম্বৰ দিনটোৰ কথা সকলোৰে মনত আছে। ছিংগাপুৰৰ পৰা আহিছিল কোনোৱে কল্পনা কৰিব নোৱাৰা এটি খবৰ। জুবিন দাই সকলো ৰাইজৰ বাবে দিলে তেওঁৰ বাবে একোৱেই নাৰাখিলে। যিজন জুবিন গাৰ্গে নিজৰ সৰ্বশ্ব ৰাইজৰ বাবে দিলে সেইজন জুবিন গাৰ্গৰ শেষ আশ্ৰয়স্থলীক আমি কি কৰিলো আজি ৬ মাহে দেখিলোঁ। সকলোৱে যে চৰকাৰক দোষাৰোপ কৰি আছে কি,তেওঁলোকে জুবিন ক্ষেত্ৰ নবনালে গৰিমা গাৰ্গ আৰু অসমৰ ৰাইজে বনাব নোৱাৰিম নেকি ? “জুবিন ক্ষেত্ৰ”ৰ নেতৃত্ব লওক তেওঁৰ সহধৰ্মিনী গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে। অসমৰ ৰাইজে আৰ্থিকভাৱে তেখেতক সহায় কৰিব। জুবিন গাৰ্গ ফ্ৰেণ্ড ক্লাব, কলাগুৰু আৰ্টষ্ট ফাণ্ড আছে য’ত নেকি অসমত ভাল ভাল কাম কৰি আছে। চৰকাৰলৈ বাট চাই আমনি লাগিল। হয় চৰকাৰে উন্নয়ন বহুত কৰিছে সেয়া সকলোৱে দেখিছে কিন্তু জুবিন ক্ষেত্ৰক এনে পৰ্যায়লে যাবলৈ কি কাৰণে দিয়া হল?যিজন মানুহে কৰোণা কালত নিজেই থকা ঘৰটো দি দিছিল মানুহ থাকিবলৈ, সেইজন মানুহ আজি সোণাপুৰৰ হাবিত তিতি থাকিবলগীয়া হৈছে আমি কেনেকৈ সহ্য কৰোঁ। ন্যায়ৰ কথাখিনি আছেই। সোণাপুৰত বৰ্তমান এখন সমিতি আছে য’ত জুবিন ক্ষেত্ৰখন চোৱা চিতা কৰে ? দৈনিক হাজাৰ হাজাৰ লোকে জুবিন দাক সেৱা কৰে সেইয়া পইচাও জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। ৬ মাহৰ ভিতৰত বহুতো লেতেৰা হৈ যোৱা ভিডিঅ আমি দেখিবলৈ পাইছো ,সমিতিৰ লোকসকললৈ এটি অনুৰোধ তেওঁলোকে জুবিন ক্ষেত্ৰ পৰিষ্কাৰ পৰিচন্নতাত অধিক গুৰুত্ত্ব দিয়ে যেন। গৰিমা গাৰ্গে পাৰিব তেওঁৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখক। বৰ্তমান জুবিন দা নামটো লৈ ৰাজনীতি কৰাত সকলো ব্যস্ত। ভাবিবলগীয়া বিষয় এইটো যে, জুবিন গাৰ্গ থাকোতে আশে পাশে বহুত মানুহ আছিল, কিন্তু এতিয়া সিহঁত কত? আজি গৰিমা গাৰ্গ জুবিন গাৰ্গৰ ভগ্নীৰ সৈতে অকলে অকলে আদালতৰ মজিয়াত ঘূৰি ফুৰা দেখিছো, তেওঁক লগ দিবলৈ এই মানুহবোৰ কিয় লগত নাই। আহক সকলোকে মিলি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক জিলিকাই ৰাখো সৰ্বশ্ৰেষ্ঠ হিচাপে। জয় জুবিন দা জয় জুবিন দা।
