জুবিনৰ মৃত্যু সন্দর্ভত ছিংগাপুৰ আৰক্ষীয়ে প্রকাশ কৰা বিবৃতিক লৈ মুখ্যমন্ত্রীৰ প্রতিক্রিয়া 

জুবিনৰ মৃত্যু সন্দর্ভত ছিংগাপুৰ আৰক্ষীয়ে প্রকাশ কৰা বিবৃতিক লৈ মুখ্যমন্ত্রীৰ প্রতিক্রিয়া 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দর্ভত তদন্ত চলোৱা ছিংগাপুৰ আৰক্ষীয়ে প্রকাশ  কৰা বিবৃতিটোক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রতিক্রিয়া প্রকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শৰ্মাই কয়-ৰাজ্যৰ মুখ্য সচিবে ছিংগাপুৰ আৰক্ষীৰ বিবৃতি মোলৈ প্ৰেৰণ কৰিছে। এই বিবৃতি সন্দৰ্ভত মই বিশেষ ক’ব বিচৰা নাই। অহা ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষী আৰু অসম আৰক্ষীৰ বৈঠক অনুষ্ঠিত হ’ব। অসম আৰক্ষীয়ে এই বৈঠকৰ পৰা ঘূৰি অহাৰ পিছত আমি অলপ বেছি স্পষ্টতা পাম যে ছিংগাপুৰ আৰক্ষীয়ে কিধৰণৰ তদন্ত কৰিছে বা তদন্তৰ গতি কি? যিহেতু ২১ অক্টোবৰত অসম আৰক্ষী আৰু ছিংগাপুৰ আৰক্ষীৰ মাজত বৈঠক অনুষ্ঠিত হ’ব সেয়েহে এই বিষয়টো সন্দর্ভত অধিক বক্তব্য দিব বিচৰা নাই। ঘূৰি অহাৰ পিছত অসম আৰক্ষীৰ দলটোৰ পৰা ছিংগাপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা বক্তব্য শুনিবলৈ পাম। তেতিয়া বহুখিনি কথা পোহৰলৈ আহিব।