জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজ্যজুৰি আছুৰ অৱস্থান বিক্ষোভ কাৰ্যসূচী
ৰঙিলী বাৰ্ত্তাসেৱা- প্রিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি ৰাজ্যজুৰি অৱস্থান-বিক্ষোভ কাৰ্যসূচী গ্রহণ কৰে সদৌ অসম ছাত্ৰ সন্থাই। ৰাজ্যৰ প্ৰতিখন জিলা সদৰৰ ৰাজহুৱা স্থানত অৱস্থান বিক্ষোভেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী সাব্যস্ত কৰে ছাত্ৰ সন্থাই।মহানগৰীৰ দীঘলীপুখুৰীপাৰত আয়োজিত বিক্ষোভ কার্যসূচীত আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ক্ষিপ্ৰতাৰে পানী নসৰকা তদন্তৰে শিল্পীগৰাকীক ন্যায় দিবলৈ চৰকাৰক আহ্বান জনায়। ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে জুবিন গার্গে ন্যায় পাবই লাগিব। দোষীয়ে কঠোৰ শাস্তি পাব লাগিব। দোষীয়ে শাস্তি নোপোৱালৈকে ছাত্র সন্থা ক্ষান্ত নহয়। এছআইটিৰ প্ৰতিটো কথাৰ ওপৰত আমি দৃষ্টি ৰাখিছোঁ। আইনৰ সুৰুঙাৰে দোষী সাৰি যাব নোৱাৰাকৈ শক্তিশালী চার্জশীট প্ৰদানৰ বাবে এছআইটিক দাবী জনাইছে মুখ্য উপদেষ্টা ড° ভট্টাচার্যই। কার্যসূচীটোত অংশ লৈ আছুৰ সভাপতি উৎপল শর্মাই কয় যে আমাক পাৰিলে ন্যায় এই মুহূৰ্ততে লাগে। কিন্তু কোনো কাৰণত এছআইটি অথবা আৰক্ষীক আমি হেঁচা দিয়াটো ঠিক নহয়। তদন্ত ক্ষিপ্ৰতাৰে হোৱাটো আমিও বিচাৰিছোঁ। কিন্তু এই হেঁচাৰ মাজত যাতে খৰখেদাৰ বাবে চার্জশীট প্রদানত খুঁত থাকি গ’ল এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ’ব নালাগে। দোষীয়ে কঠোৰ, দৃষ্টান্তমূলক শাস্তি যেতিয়া পাব, তেতিয়াহে আমি আশ্বস্ত হ’ম। এছআইটিৰ তদন্তৰ বিষেয়েও মত প্রকাশ কৰি সভাপতি শৰ্মাই কয় যে তদন্তৰ গোপনীয়তা থাকে। কিন্তু অসম-ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনৰ মাজত থকা মিল-অমিলৰ বিষয়ে অসমৰ ৰাইজে জনাৰ অধিকাৰ আছে। এই অধিকাৰ আমি সাব্যস্ত কৰিব বিচাৰোঁ। চৰকাৰে এই কথা আমাক জনাব লাগিব। বিক্ষোভ কার্যসূচীটোত অংশ লৈ আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে যিকোনো প্ৰকাৰে জুবিনদাক ন্যায় দিবই লাগিব। এই কথাটো আমি শাসক-বিৰোধী সকলোকে জনাইছোঁ। ৰাজনীতিৰ পৰা আঁতৰত থাকি জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত সকলোৱে গুৰুত্ব দিব লাগিব। অভিযোগনামাখন অতি শক্তিশালী ৰূপত দাখিল হ’ব লাগিব যাতে আইনৰ সুৰুঙাৰে কোনো এজন অভিযুক্তই বাচি যাব নোৱাৰে। এছআইটিয়ে সক্ষ্য-প্রমাণসহ এখন শক্তিশালী চার্জশীট আদালতত দাখিল কৰাটো আমি বিচাৰোঁ।