জুবিনৰ মৃত্যুৰ ঘটনাৰ অভিযুক্তক বাক্সা কাৰাগাৰলৈ নিয়াৰ পিছতে উত্তপ্ত পৰিস্থিতি
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক বাক্সাৰ কাৰাগাৰলৈ লৈ যোৱাৰ পাছতেই বিস্ফোৰিত হ’ল ৰাইজৰ ক্ষোভ। কাৰাগাৰৰ সন্মুখত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।ক্ষুব্ধ জনতাই জ্বলাই দিয়ে দুখন বাহন আৰু আৰক্ষীৰ বাহনলৈ নিক্ষেপ কৰে শিলগুটি। উত্তেজিত জনতাৰ আক্ৰমণত একাধিক সাংবাদিক আৰু আৰক্ষী বিষয়া আহত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ পৰা বাহিৰ হোৱাত কৰ্তব্যৰত আৰক্ষীয়ে লাঠীচালনা আৰু কন্দুৱা গেছ প্রয়োগ কৰে। উত্তেজিত ৰাইজৰ আক্ৰমণৰ পৰা প্ৰাণ বচাবলৈ কেতিয়াবা দলঙৰ তলত সোমাবলগীয়া পৰিস্থিতিত পৰে আৰক্ষী। পৰিস্থিতি অধিক জটিল হোৱাৰ পাছত আৰক্ষীয়ে জনতালৈ লক্ষ্য কৰি গুলী চালনা কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক কাৰাগাৰলৈ লৈ যোৱাৰ পাছতেই বাক্সা জিলা কাৰাগাৰ উত্তপ্ত হৈ পৰে।খবৰ অনুসৰি নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, এ পি এছ বিষয়া সন্দিপন গাৰ্গ আৰু জুবিন গাৰ্গৰ দুজন ব্যক্তিগত নিৰাপত্তাৰক্ষীক কাৰাগাৰলৈ লৈ যোৱা আৰক্ষীৰ কনভয়ত শিলগুটি নিক্ষেপ কৰা হয়। ইয়াৰ পূৰ্বে গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশ (চিজেএম)ৰ আদালতত হাজিৰ কৰোৱা হৈছিল তেওঁলোকক। আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত অভিযুক্তক বাক্সালৈ স্থানান্তৰ কৰা হৈছিল।