জুবিনৰ বাবে মই মাথোঁ ন্যায় বিচাৰিছোঁ: গৰিমা
ৰঙিলী বাৰ্ত্তাসেৱা- ছিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লোৱা অসমীয়াৰ আৱেগ জুবিন গাৰ্গৰ ঘটনাটোৰ ক্ষেত্ৰত ৰাজনীতি নহয়, প্রকৃত সত্য জানিবলৈ বিচাৰিছে শিল্পীপত্নী গৰিমা শইকীয়া গার্গে। শিল্পীগৰাকীৰ মৃত্যুৰ পাছত মাজনিশা সামাজিক মাধ্যমযোগে গৰিমা শইকীয়া গাৰ্গে ন্যায়প্ৰাপ্তিৰ দাবীৰে এটা পোষ্ট কৰিছে। আনহাতে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে জুবিন আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱা ১৯ দিন পাৰ হ’ল। সঁচা কথাটো কি হৈছে আমি জানিব বিচাৰিছোঁ। সহজ-সৰল এজন সাধাৰণ মানুহৰ ক্ষেত্ৰত এইবোৰ কিয় হ’ল, এই প্রশ্নবোৰে আমাৰ পৰিয়াল তথা লাখ লাখ অনুৰাগীৰ মনত প্ৰশ্নৰ সৃষ্টি কৰিছে। অকল মোৰ স্বামী হিচাপেই নহয়, কিয় জুবিন গাৰ্গৰ দৰে এটি সত্তা এনেকৈ হঠাতে আঁতৰি যাব লগা হ’ল? কিবা যদি অসুখ হৈছিল তেতিয়াও বেলেগ কথা আছিল। কিন্তু সকলোকে শূন্য কৰি তেওঁ গ’লগৈ। উত্তৰটো আমি বিচাৰি আছোঁ। প্রিয় শিল্পীগৰাকীৰ মৃত্যুক লৈ বিভিন্ন মহলত বিভিন্ন চর্চা অব্যাহত থকাৰ সময়তে শিল্পী পত্নী গৰিমা শইকীয়া গার্গে এইক্ষেত্রত আৱেগিকভাৱে কয় যে কথাবোৰৰ মেৰপাকবোৰ বহু বেছি হৈছে। সেইটো হ’ব নালাগে। আমি বহু সৰলভাৱে চিন্তা কৰা মানুহ। কোনে কি কৰি আছে, কি কথা কৈছে, একো বুজি নোপোৱাৰ দৰে হৈছোঁ। এই বস্তুবোৰৰ পৰা প্ৰকৃত সত্যটো বাহিৰ হ’ব লাগে। শিল্পীগৰাকীৰ মৃত্যুক লৈ ওচৰে-পাঁজৰে থকা প্ৰতিজন লোকৰে অৱহেলাসূচক মনোভাবে অন্যতম কাৰণ বুলি মন্তব্য কৰি তেওঁ কয় যে জুবিনৰ নিচিনা এজন ব্যক্তিক ইমান অৱজ্ঞা কৰি এৰি দিব লগা নাছিল। অসমৰ মানুহে মৰমেৰে তেওঁক আৱৰি ৰাখিছিল। সকলোৰে হিয়াৰ আমঠু আছিল। ইতিমধ্যে ওলাই থকা দৃশ্যাংশবোৰৰ আমি সকলো কথা দেখিছোঁ। এটাও আঁচোৰ পৰিব নিদিয়া ব্যক্তিজনক একেবাৰে শেষৰ সময়খিনিত দেখিছোঁ যে ভাগৰুৱা অৱস্থাত তেওঁ একেবাৰে নিঠৰুৱা হৈ পৰিছিল। এই কথাটোৱে আমাৰ মনত বহু কষ্ট দি আছে। প্রিয় শিল্পীগৰাকীৰ মৃত্যুৱে পৰিয়ালৰ লগতে বিশ্বজুৰি অগণিত অনুৰাগীৰ মনত প্ৰশ্ন চিহ্নৰ উত্থাপন কৰা সময়তে বাৰম্বাৰ এটা কথাই উচ্চাৰিত হৈছে যে শিল্পীগৰাকীৰ সৈতে অন্তিম সময়ত য়াটত থকা ৮গৰাকী প্রবাসী অসমীয়াই বৰ্তমানলৈকে কি কাৰণত প্ৰকৃত সত্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে। পুনৰ শিল্পী পত্নী গৰিমা শইকীয়া গার্গে এইক্ষেত্রত প্রতিক্রিয়া প্রকাশ কৰি কয় যে কিহৰ কাৰণে তেওঁলোকে সহযোগ কৰা নাই মই ভাবি পোৱা নাই। কথাবোৰ তেওঁলোকে কিয় লুকুৱাব লগা হৈছে? জুবিন গাৰ্গ হেৰাই গ’ল, কিন্তু প্রকৃততে কি হৈছিল এই কথাষাৰ ক’বলৈ তেওঁলোকে সহযোগ কৰা নাই। সঁচা কথাটো ক’বলৈ কিহৰ ইমানখিনি ভয় বুলি প্রশ্ন তুলি গৰিমা শইকীয়া গার্গে কয় যে সহযোগ নকৰাটোত নিশ্চয় কিবা থাকিব লাগিব। নহ’লে কথাবোৰ কি কাৰণে লুকুৱাবলগীয়া হৈছে। তেওঁলোকৰ ইমানখিনিও মানৱীয়তা নাই নেকি যে এজন ব্যক্তিক আমি হেৰুৱাই পেলাইছোঁ অথচ তেওঁলোকৰ একো প্রতিক্রিয়া নাই। তেওঁলোকৰ বাবে জুবিন গাৰ্গ মৰমৰ নাছিল নেকি? অকল পার্টীৰ দিনাখনহে জুবিন গাৰ্গৰ প্ৰয়োজন হৈছিল নেকি? আনহাতে শিল্পীগৰাকীয়ে নিয়মীয়াকৈ সেৱন কৰা দৰবসমূহক লৈ বিভিন্ন কথা চৰ্চিত হোৱাৰ সময়তে আজি গৰিমা শইকীয়া গার্গে বিষয়টো স্পষ্ট কৰি কয় যে লেভিপিল নামৰ দৰবটো তেওঁ সদায় খাইছিল। ইয়াৰ বাহিৰেও প্ৰেচাৰ আৰু ই-ভিটামিনৰ দৰব এটা তেওঁ খাইছিল। সিদ্ধাৰ্থৰ পৰা বেগটো আৰক্ষীয়ে জব্দ কৰাৰ পাছত মোক দেখুৱাইছিল। গোটেইকেইটা দৰব বেগটোত আছিল। সিদিনাখন পুৱা ব্রেকফাষ্ট নকৰাকৈ য়াটত তেওঁলোকে জুবিনক নিছিল। হয়তো ব্রেকফাষ্ট কৰাৰ পাছতে দৰবটো খাম বুলি তেওঁ ভাবিছিল। সাধাৰণতে দৰব খাবলৈ কোনোদিনে তেওঁ নাপাহৰে, নিজে খায়। সিদিনাখন কিয় তেনে হ’ল মই নাজানো। আনহাতে শিল্পীগৰাকীৰ সতীর্থ বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীয়ে বিহপান কৰোৱাই শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধার্থ শৰ্মাই শিল্পীগৰাকীক হত্যা কৰাৰ অভিযোগ সন্দৰ্ভতো গৰিমা শইকীয়া গার্গে পুনৰ আৱেগিকভাৱে কয় যে যদিহে কথাবোৰ সত্য হয়, তেনেহ’লে দুৰ্ঘোৰ শাস্তি দিব লাগে। শেখৰে এতিয়া এইবোৰ কথা কিয় কৈ আছে বুলি গৰিমাই পুনৰ কয় যে তেওঁ হেনো জুবিনৰ লগতেই আছিল। দেখা নাছিল নেকি? শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এছআইটিৰ তদন্তৰ প্ৰতি আস্থা প্রকাশ কৰি গৰিমা শইকীয়া গার্গে কয় যে তদন্ত এতিয়াও চলি আছে। সঠিকভাৱে একদম নিখুঁত তদন্ত হোৱাটো আমি বিচাৰিছোঁ। যদি কোনোবা দোষী সঁচাকৈ ওলায় তেন্তে যিটো আটাইতকৈ চৰম শাস্তি সেইটোৱে হোৱাটোৱে মই বিচাৰিছোঁ। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত দাবী কৰিছে কনিষ্ঠ ভগ্নী পামী বৰঠাকুৰে। ছিংগাপুৰৰ ঘটনাৰ প্ৰকৃত সত্য উদ্ঘাটনৰ বাবে এছআইটিক আহ্বান জনাই পামী বৰঠাকুৰে কয় যে দাদাৰ লগত প্রকৃততে কি হৈছিল, সেই সঁচা ঘটনাটো আমি জানিব বিচাৰিছোঁ। ছিংগাপুৰৰ প্ৰবাসী অসমীয়াখিনিকো প্রকৃত সত্য উদ্ঘাটনৰ বাবে আগবাঢ়ি অহাৰ আহ্বান জনাই তেওঁ কয় যে কথাবিলাক বেলেগ বেলেগ এংগোলত টানি থাকিলে নহ’ব। লুকাই থাকিলে নহ’ব, দাদাৰ লগত ছিংগাপুৰত কি হ’ল সেই ঘটনাটো আমাক লাগে। তেওঁলোকে যি দেখিছে আমাক ক’ব লাগিব। দাদাই ন্যায় পাব লাগিব। তদন্ত যাতে খৰতকীয়া হয় তাৰ বাবেও এছআইটিক আহ্বান জনাইছে ভগ্নী পামী বৰঠাকুৰে।