জুবিনৰ প্ৰাক্তন মেনেজাৰ টাৰছেম মিটালক এছআইটিৰ জেৰা

জুবিনৰ প্ৰাক্তন মেনেজাৰ টাৰছেম মিটালক এছআইটিৰ জেৰা

ৰঙিলী বাৰ্ত্তাসেৱা-   প্রিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ৫০ দিন অতিক্রম কৰাৰ পাছতহে টাৰছেম মিটালক চমন জাৰি কৰিলে এছআইটিয়ে।  এছআইটিৰ চমন মর্মে  শুকুৰবাৰে পুৱা প্রায় ৮.৪০ বজাতেই চিআইডিৰ উলুবাৰীৰ মুখ্য কার্যালয়ত উপস্থিত হয় টাৰছেম মিটাল। ১২ঘণ্টীয়া জেৰাৰ অন্তত নিশা প্রায় ৮.৩০ বজাত টাৰছেম মিট্টালক ঘৰলৈ যাবলৈ দিয়া হয়। উল্লেখ্য যে অসমৰ বাহিৰেও বহিঃৰাজ্যৰ বিভিন্ন প্রান্তত আয়োজিত বহু অনুষ্ঠান পৰিৱেশনৰ ক্ষেত্ৰত এসময়ত মেনেজাৰ হিচাপে অগ্রণী ভূমিকা গ্রহণ কৰিছিল টাৰছেম মিটালে। অকল সংগীত অনুষ্ঠানেই নহয়, জুবিন গাৰ্গৰ ব্যৱসায়ৰো অন্যতম অংশীদাৰ আছিল মিটাল। বহু বছৰ ধৰি শিল্পীগৰাকীৰ মেনেজাৰ হিচাপে কৰ্তব্যৰত হোৱা মিটালে এসময়ত চাকৰি ত্যাগ কৰি বহিঃৰাজ্যত সংস্থাপিত হৈছিল। তাৰ পাছতেই প্রৱেশ ঘটিছিল সিদ্ধার্থ শৰ্মাৰ। সিদ্ধার্থ শৰ্মাৰ সৈতে থকা ঘনিষ্ঠতাৰ বাবে টাৰছেম মিটালে জুবিন গাৰ্গৰ সৈতে মেনেজাৰ হিচাপে তেওঁক নিয়োগ কৰিছিল। বিগত ৫০টা দিন ধৰি এছআইটিয়ে বিভিন্ন পক্ষৰ মানুহক জেৰা চলোৱাৰ পাছত টাৰছেম মিট্টালক কি কাৰণত তদন্তৰ আওতালৈ অনা হোৱা নাছিল, ইয়াকে লৈ অনুৰাগীসকলৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিশেষকৈ শিল্পীগৰাকীৰ সৈতে ব্যৱসায়িক সূত্রে টাৰছেম মিটালৰ ক’ত কিদৰে বিনিয়োগ আছিল সেই বিষয়ত এছআইটিয়ে জেৰা চলাইছিল বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। কোনোদিনে ধন সম্পত্তিক গুৰুত্ব নিদিয়া জুবিন গাৰ্গক ব্যৱহাৰ কৰিয়েই বহু লোক ধনী হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত টাৰছেম মিট্রালক চলোৱা জেৰাই তদন্তত যথেষ্ট অগ্রগতি দিব বুলি আশা কৰিছে অনুৰাগীসকলে।  সদ্য মুক্তিপ্রাপ্ত প্রিয় শিল্পীগৰাকীৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰযোজক শ্যামন্তক গৌতমৰো ভাষ্য এছআইটিয়ে সংগ্ৰহ কৰে। আনহাতে এছআইটিৰ চমন মর্মে চিআইডিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’ল জুবিন গাৰ্গ ফেন ক্লাবৰ সাধাৰণ সম্পাদক পিকু বৰগোহাঁই>  অৱশ্যে দুয়োজনকে জেৰাৰ পাছত ঘৰলৈ যাবলৈ দিয়া হয় যদিও পিকু বৰগোহাঁইক পুনৰ অহা ১১ নৱেম্বৰত এছআইটিৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে।