জুবিনৰ পদচিহ্ন সংৰক্ষণ ভাস্কৰ দিগন্ত মাধৱ গোস্বামীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰদেহৰ পৰাই বিজ্ঞানসম্মতভাৱে সংগ্ৰহ কৰা হ’ল তেওঁৰ পদচিহ্ন। ভাস্কর্য শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে সংগ্ৰহ কৰিলে এই পদচিহ্ন। দেওবাৰে দুপৰীয়াৰ ভাগত গুৱাহাটী বিমানবন্দৰৰ পৰা জুবিনৰ নশ্বৰদেহ কাহিলিপাৰাস্থিত বাসগৃহত আহি উপস্থিত হোৱাৰ পাছতে ভাস্কর্য শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে জুবিনৰ দুই পদযুগলৰ পৰা পদচিহ্ন সংগ্ৰহ কৰে। দিগন্ত মাধৱ গোস্বামীয়ে এই সন্দর্ভত কয়- কালি গধূলি কাহিলিপাৰাৰ বাসগৃহত উপস্থিত হৈছিলোঁ। নশ্বৰদেহ আহি পোৱাৰ পাছত পৰিয়ালৰ অনুমতিসাপেক্ষে লগে লগে পদচিহ্ন সংগ্ৰহ কৰা হ’ল। পৰৱৰ্তী সময়ত তেওঁৰ পদযুগল বিজ্ঞানসন্মতভাৱে বিভিন্ন প্রক্রিয়াৰে সঠিকভাৱে উলিয়াই ইয়াক সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব।