জুবিনৰ গীতত ফাগুনৰ বতৰা
সমুজ্জ্বল শইকীয়া
চিচিবৰগাঁও
অসমীয়া সংগীতৰ জগতত জুবিন গাৰ্গ এটা নাম মাত্ৰ নহয়, তেওঁ এজন সত্তা৷ তেওঁৰ কণ্ঠত যেতিয়া প্ৰকৃতিৰ ৰং, ঋতুৰ পৰিৱৰ্তন আৰু মানৱ হৃদয়ৰ আকুলতা মিলি যায়, তেতিয়া সেই গীতবোৰ অমৰ হৈ পৰে৷ তাৰ ভিতৰত ফাগুন এটা বিশেষ স্থান দখল কৰি আছে৷ ফাগুন মানে কেৱল বসন্তৰ মাহ নহয়; ই হৈছে প্ৰেমৰ উষ্ণতা, বিচ্ছেদৰ বিষাদ, স্মৃতিৰ মধুৰতা আৰু আশাৰ এক মিশ্ৰিত অনুভৱ৷ জুবিন গাৰ্গৰ গীতত এই ফাগুন বাৰে বাৰে ঘূৰি আহে – কেতিয়াবা মূল গীত হিচাপে, কেতিয়াবা প্ৰতীক হিচাপে৷ ফাগুনৰ প্ৰতীকাত্মকতা আৰু জুবিনৰ সংগীতত ফাগুন অসমীয়া সাহিত্য আৰু সংগীতত সদায়েই ৰোমািKI×ক আৰু বিষাদময়৷ ফাগুনৰ ৰ’দ, ফুলৰ সুবাস, কোকিলৰ সুৰ আৰু বতাহত ভাহি অহা মধুৰ স্মৃতিয়ে মানুহৰ মনত এক অদ্ভুত আকৰ্ষণ জগাই তোলে৷ জুবিন গাৰ্গে এই সকলো অনুভূতিক নিজৰ কণ্ঠত আৰু সুৰৰ জৰিয়তে অতি সুন্দৰকৈ প্ৰকাশ কৰিছে৷ তেওঁৰ এটা জনপ্ৰিয় একক গীত “ফাগুন” [২০২০ চনত মুক্তি পোৱা] শশাংক সমীৰৰ কথা আৰু জয়ন্ত কাকতিৰ সুৰত ৰচিত৷ এই গীতটোত ফাগুনক বিচ্ছেদৰ পটভূমি হিচাপে লোৱা হৈছে৷ গীতটো কিছু অংশ যেনে:
“সমীৰে দিবগৈ ফাগুনৰ দিনতে
মই নোহোৱাৰ বাতৰি
স্মৃতিয়ে ক’বগৈ পাহৰা ক্ষণতে
মই নথকাৰ কাহিনী”
এই শব্দবোৰে হৃদয় স্পৰ্শ কৰে৷ ফাগুনৰ দিনতে প্ৰিয়জনৰ অনুপস্থিতিৰ বাতৰি বতাহে কঢ়িয়াই নিয়ে – এই চিত্ৰকল্প অতি হৃদয়স্পৰ্শীয়৷ জুবিনৰ কণ্ঠত এই গীত শুনিলে মনে কয় যেন ফাগুনৰ ৰ’দতো এটা শীতল বিষাদ লুকাই আছে৷ পুৰণি স্মৃতিৰ ফাগুন – “মোৰ ফাগুন”জুবিন গাৰ্গে জয়ন্ত হাজৰিকাৰ বিখ্যাত গীত “মোৰ ফাগুন”ক নিজৰ কণ্ঠ দি পুনৰ জনপ্ৰিয় কৰি তুলিছে৷ এই গীতত ফাগুন হৈছে প্ৰিয়জনৰ অপেক্ষাৰ প্ৰতীক:
“মোৰ ফাগুন আছেহি আহি ৰৈ
তোমাৰ কথাকে ক’বলৈ”
এই গীতৰ অংশটিত ফাগুনৰ উষ্ণতা আৰু প্ৰেমৰ আকুলতা একেলগে মিলি গৈছে৷ জুবিনে এই গীতক নতুন প্ৰজন্মৰ মাজলৈ ঘূৰাই আনিছে, আৰু আজিও ফাগুনৰ বতৰত এই গীত শুনিলে বহুতৰে মন ভৰি পৰে৷ ফাগুন আহিলে জুবিনৰ “ফাগুন”, “মোৰ ফাগুন”, কেতিয়াবা “ফাগুৱা কে দিন আই গেলাক ৰে”ৰ দৰে হোলিৰ গীত এই গীতবিলাক সামাজিক মাধ্যমত খুবেই চচাৰ্ হোৱা দেখা যায়৷ জুবিনৰ গীতৰাজিত ফাগুন কেৱল এটা শব্দ নহয়, এটা ভাৱ৷ তেওঁৰ বহু গীতত ফাগুনৰ উল্লেখ পোৱা যায় – কেতিয়াবা প্ৰকৃতিৰ ৰূপত, কেতিয়াবা প্ৰেমৰ বিচ্ছেদত, কেতিয়াবা আশাৰ আলিংগনত৷
গতিকে উপৰোক্ত আলোচনাখিনি পৰা কব পাৰোঁ যে জুবিন গাৰ্গৰ সংগীতত ফাগুন এটা ঋতুৰ নাম নহয়, এটা অনুভৱৰ নাম৷ তেওঁৰ কণ্ঠত যেতিয়া ফাগুনৰ কথা ওলায়, তেতিয়া শ্ৰোতাৰ মনত ফুল ফুলি উঠে, বতাহ মধুৰ হয়, আৰু চকুৰে অশ্ৰু ওলায়৷ ফাগুনৰ বতৰত জুবিনৰ গীত শুনাটো যেন অসমীয়া হৃদয়ৰ এক পৰম্পৰা হৈ পৰিছে৷
