জুবিনবিহীন শৰতৰ সেমেকা নিশা
কল্যাণী গগৈ(মুনু)
চিলাপথাৰ, ধেমাজি
আজিৰ ফৰকাল আকাশখন হঠাতে
কলা মেঘে আৱৰি ধৰিছে
আকস্মিকভাৱে অহা প্ৰছন্দ ধুমুহাই
গছৰ ডাল লঠঙা কৰি পেলাইছে
টোপাটোপে সৰিছে বিষাদগ্ৰস্ত বৰষুণ
আকাশেও যেন পাহৰিব পৰা নাই
সেই অভিশপ্ত দিনটো
কেনেকৈনো পাহৰিব সেই দিনটো
এটা জাতিৰ সত্ত্বা, বুকুৰ আমঠুটো
অকস্মাতে হেৰাই যোৱাটো
কেনেকৈনো মানি ল’ব
আজি যেন চাৰিওফালে
নিমাও-মাও পৰিৱেশ
জোনাকী জনীয়েও আজি
তিৰবিৰাই থকা নাই
চোতালৰ শেৱালী জোপাইও
সুগন্ধি বিলাবলৈ পাহৰিয়ে গ’ল
প্ৰকৃতি,জীৱ-জন্তু,চৰাই-চিৰিকটি ,মানুহ
কোনেও যেন সহজ হ’ব পৰা নাই
কোনেও পাহৰিব পৰা নাই সেই দিনটো
যিদিনা কেইটামান পানীৰ তলৰ কাঁইটৰ খোচত
অসমীয়াই হেৰুৱাইছিল জাতিৰ প্ৰাণ
অচিন সাগৰৰ বুকুত
চিৰদিনলৈ শুই পৰিছিল
অসমীয়া জাতিৰ স্বাভিমান