জুবিনবিহীন প্ৰথমটো জন্মদিন
ৰাজ্যজুৰি জাতীয় স্বাভিমান দিৱস পালন অগপৰ, গুৱাহাটীত কাৰ্যসূচী মুকলি কৰে প্ৰৱীণ অভিনেতা,পৰিচালক নিলু চক্ৰৱৰ্তীয়ে
অগপৰ ৰক্তদান শিৱিৰ কাৰ্যসূচীক
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়াৰ,প্ৰাণৰ শিল্পী, হাৰ্টথ্ৰৱ জুবিন গাৰ্গ অবিহনে প্ৰথমটো জন্মদিন পালন কৰিলে অসমীয়াই৷ দুমাহ পুৰ্বে হিয়াৰ আমঠু শিল্পীজনক হেৰুৱাৰ দুখ বুকুৰ মাজত সামৰি জুবিন গাৰ্গ নামৰ এই হৃদয়স্পৰ্শী সত্তাটোক উদযাপন কৰিছে অসমীয়াই৷ মৰমৰ শিল্পীজনলৈ শ্ৰদ্ধা অৰ্পণ কৰি অসম গণ পৰিষদে আজি ৰাজ্যজুৰি পালন কৰে জাতীয় স্বাভিমান দিৱস৷ সেই অনুসৰি গুৱাহাটীৰ পাঁচোটাকৈ অগপৰ বিধানসভা সমষ্টি সমিতি-দিশপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, মধ্য গুৱাহাটী আৰু জালুকবাৰী সমষ্টিৰ প্ৰচেষ্টাত আজি পুৱা আমবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত ৰক্তদান শিৱিৰ অয়োজনৰ জৰিয়তে জাতীয় স্বাভিমান দিৱসৰ আৰম্ভ কৰা হয়৷ এই শিৱিৰ মুকলি কৰে দলৰ সভাপতি অতুল বৰাই৷ এই শিৱিৰৰ মুকলি পৰ্বত আন্তঃৰাষ্ট্ৰীয় ল‘ন বল খেলুৱৈ পুতুল সোণোৱাল আৰু বিমান নাথ তথা যুৱ ব্যৱসায়ী মঞ্জৰ আলম উপস্থিত থাকি সকলোকে উৎসাহিত কৰে৷ অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক ড° তপন দাস, যুৱ পৰিষদৰ কাৰ্যকৰী সভাপত হৃষীকেশ শৰ্মাকে ধৰি শতাধিক যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীয়ে ৰক্তদান কৰে৷ ইয়াৰ পাছতে জাতীয় স্বাভিমান দিৱসৰ মূল কাৰ্যসূচী দীঘলীপুখুৰীৰ সমীপৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আৰম্ভ হয়৷ সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গৰ প্ৰতি আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে জ্যেষ্ঠ অভিনেতা, পৰিচালক নিলু চক্ৰবৰ্তীয়ে৷ অগপৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মনোজ শইকীয়া, সুনীল ডেকাৰ লগতে আন বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট চিকিৎসক, সংগীত পৰিচালক ড° হিতেশ বৰুৱাই জুবিন গাৰ্গৰ স্বভিমানী অসমীয়া সত্তা সন্দৰ্ভত আলোকপাত কৰে৷ বিশিষ্ট শিল্পী জে পি দাসে সংগীত পৰিৱেশন কৰি অনুষ্ঠানত জুবিন গাৰ্গক শ্ৰদ্ধা জনায়৷ অনুষ্ঠানত কিতাপৰ বন্ধু— মনালিছা শইকীয়া, জোনমণি দাস, শিৱ প্ৰসাদ ভট্টাচাৰ্য়, বিপুল শৰ্মা আৰু অনিন্দিতা কলিতাক সম্বৰ্দ্ধনা জনায়৷ একেদৰে প্ৰকৃতিৰ বন্ধু—মলয় বৰুৱা, মুমিনা আখটাৰ, ভোলা ক্ৰ’, প্ৰমোদ কলিতা, ধ্ৰুৱজ্যোতি শইকীযা আৰু চন্দন ডেকাক সম্বৰ্দ্ধনা জনোৱা হয়৷ এই অনুষ্ঠানত সহস্ৰাধিক সদস্যই দলৰ তৰফৰপৰা বাণীবদ্ধ কৰা জুবিন গাৰ্গৰ কালজয়ী গীত পৰিবেশন কৰে। অনুষ্ঠানত নিবিড় দেব শৰ্মা আৰু দৰ্শন শইকীয়াই বাঁহী তথা যন্ত্ৰ সংগীতত সুৰ নিগৰাই প্ৰাণৰ শিল্পীজনক শ্ৰদ্ধাঞ্জলি জনায়৷ আনহাতে, সংগীতৰ ৰাজপুত্ৰৰ স্মৃতিত গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানত নাহৰৰ পুলি ৰোপণ কৰা হয়। পুৱাৰভাগত মহানগৰীৰ বিভিন্ন স্থানত নাহৰৰ পুলি অগপৰ সদস্যসকলে ৰোপণ কৰে ।একেদৰে অসম গণ পৰিষদৰ সকলো সমষ্টি সমিতিয়ে অনুৰূপ কাৰ্যসূচী লৈ জাতীয় স্বাভিমান দিৱস পালন কৰে৷ কলিয়াবৰৰ কুঁৱৰীটোলত আজি জুবিন স্থলী নামেৰে উছৰ্গিত স্থানত অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ তত্বাবধানত আৰু কলিয়াবৰৰ সকলো সামাজিক আৰু জাতীয় সংগঠন, অনুষ্ঠান প্রতিষ্ঠান তথা কলিয়াবৰবাসী ৰাইজৰ সহযোগত মৰমৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনটো জাতীয় স্বাভিমান দিৱস হিচাপে উদযাপন কৰি মৰমৰ শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। গায়ন – বায়ন, দিহা নাম তথা শিল্পীগৰাকীৰ সৃষ্টি— বিভিন্ন জনগোষ্ঠীয় গীত আৰু মায়াবিনী গীত পৰিৱেশনৰে মৰমৰ শিল্পী জুবিনলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বোকাখাতটো দলৰ সভাপতি অতুল বৰাৰ তত্বাবধানত তথা স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত জাতীয় স্বাভিমান দিৱস পালন কৰা হয়৷ সমান্তৰালকৈ বঙাইগাঁৱত প্ৰাণৰ শিল্পীজনক শ্ৰদ্ধা জনাই জুবিন গাৰ্গৰ আৱক্ষ মূৰ্তিৰ আধাৰশিলা স্থাপন কৰে অগপৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে৷ তেজপুৰ, লক্ষিমপুৰ, ধেমাজি, যোৰহাটকে ধৰি প্ৰতিটো সমষ্টিতে ৰক্তদান কাৰ্যসূচীৰ লগতে হিয়াৰ আমঠু শিল্পীজনলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ উল্লেখ্য, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দুই সহস্ৰাধিক দলটোৰ যুৱ, ছাত্ৰ পৰিষদৰ সদস্যই ৰক্তদানৰ বাবে পঞ্জীয়ন কৰে৷
