‘জুবিন’বিহীন জুবিনৰ  প্ৰথমটো ওপজা দিন

Pc Mahabahu.com

‘জুবিন’বিহীন জুবিনৰ  প্ৰথমটো ওপজা দিন

ৰঙিলী বাৰ্ত্তাসেৱা- আজি ১৮ নৱেম্বৰ। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবর্তমানত আজি ৰাজ্যবাসীয়ে পালন কৰিব তেওঁৰ প্ৰথমটো জন্মদিন। ৰাজ্যজুৰি সৰ্বসাধাৰণ ৰাইজৰ পৰা আৰম্ভ কৰি বিভিন্ন দল-সংগঠন, চৰকাৰলৈকে বিভিন্ন কাৰ্যসূচীৰে শিল্পীগৰাকীক স্মৰণ কৰাৰ বাবে অসমীয়াই প্রস্তুতি সম্পূৰ্ণ কৰিছে। শিল্পীগৰাকীৰ সোণাপুৰৰ সমাধিক্ষেত্ৰত কাইলৈ ৰাইজে বিভিন্ন কাৰ্যসূচীৰে ওপজা দিন পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে কাহিলিপাৰাৰ বাসগৃহতো অনুষ্ঠিত হ’ব বর্ণাঢ্য অনুষ্ঠান। জুবিনবিহীন প্রথমটো জন্মদিন অনুৰাগীৰ বাবে আনন্দৰ নহয় যদিও শিল্পীগৰাকীয়ে বিচৰা ধৰণেই ৰাইজে জন্মদিনটো উদযাপনৰ প্ৰস্তুতি চলাইছে।জুবিন গাৰ্গ কায়িকভাৱে নাই যদিও তেওঁক কিন্তু জীয়াই ৰাখিছে অসমবাসীয়ে। জুবিন অবিহনে নিশা কেক কাটি প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন পালন অনুৰাগীৰ। গীতে মাতে  প্ৰাণৰো প্ৰাণৰ শিল্পীগৰাকীৰ ওপজা দিন ৰাজ্যজুৰি উদযাপন । জুবিনক্ষেত্ৰতো পুৱাৰে পৰা আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী।ৰক্তদান শিবিৰেৰে আৰম্ভ হ’ব জুবিনৰ ওপজা দিনৰ প্ৰথমটো কাৰ্যসূচী। নাম প্ৰসংগৰ লগতে আজি নাহৰৰ পুলি ৰোপণ কাৰ্যসূচী। সন্ধিয়া ৫ বজাত ৫০০০ গছি বন্তি প্ৰজ্বলন কৰা হ’ব। ইয়াৰ লগতে ৫০০ আকাশবন্তিৰে উজ্বলাই তোলা হ’ব জুবিনক্ষেত্ৰ। ৬ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানৰ লগতে ভাওনা প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ লগতে গীতে মাতে পালন কৰিব প্ৰাণৰো প্ৰাণৰ শিল্পীগৰাকীৰ ওপজা দিন। কাহিলীপাৰাৰ ঘৰৰ পৰা অৰুণাচলৰ মেচুকালৈ, কলিয়াবৰৰ হাতীমূৰাৰ পৰা কাৰ্বিপাহাৰলৈ ওপজা দিনৰ প্ৰস্তুতি অনুৰাগীৰ। আজি কোকৰাঝাৰত ২৫ হাজাৰ শিল্পীয়ে বড়ো ভাষাত গাব জুবিন গাৰ্গৰ মায়াবিনী।  উল্লেখ্য যে ভাস্কর্য শিল্পী জ্যোতিশংকৰ ভট্টাচাৰ্যৰ হাতৰ পৰশত প্ৰাণ পাই উঠা শিল্পীগৰাকীৰ আবক্ষ মূৰ্তি কাইলৈ কাহিলিপাৰাৰ বাসভৱনত আনুষ্ঠানিকভাৱে স্থাপন কৰা হ’ব। জীৱিত সময়ছোৱাত শিল্পীগৰাকীয়ে কাহিলিপাৰাৰ চিনাজী ইম্পেৰিয়াত ৰোপণ কৰিছিল এটি বকুলৰ পুলি। সম্প্রতি পূৰ্ণাংগ বৃক্ষৰ ৰূপ পোৱা বকুলজোপাৰ তলতে আবক্ষ মূর্তিটো স্থাপন কৰাৰ সিদ্ধান্ত ৰাইজে গ্ৰহণ কৰিছে। ইয়াৰ বাহিৰেও কাইলৈ জন্মদিন উপলক্ষে কাহিলিপাৰাৰ বাসগৃহৰ চৌপাশক অনুৰাগীয়ে দিছে নতুন ৰূপ। এপার্টমেন্টটোৰ দেৱালত অংকন কৰা হৈছে শিল্পীগৰাকীয়ে ভালপোৱা সমগ্ৰীসমূহ। চৌদিশে শাৰী শাৰীকৈ ৰোপণ কৰা হৈছে নাহৰৰ পুলি। একেদৰেই সোণাপুৰৰ সমাধিক্ষেত্ৰতো কাইলৈ ৰক্তদান শিবিৰ অনুষ্ঠিত কৰাৰ লগতে সন্ধিয়া প্রজ্বলন কৰা হ’ব ৫,০০০ চাকি। তদুপৰি ৫০০ আকাশবন্তিৰে ৰাইজে আকাশ উজলাই শিল্পীগৰাকীৰ সত্তাক পুনৰ স্মৰণ কৰাৰ লগতে আমন্ত্ৰিত শিল্পীৰ ভাওনা তথা আন সাংস্কৃতিক কার্যসূচী অনুষ্ঠিত কৰা হ’ব।