জুবিনদাৰ যোৰহাটৰ তামূলীচিগাৰ পিতৃগৃহটো সংৰক্ষণ কৰি তাত জুবিনদাৰ এটি সংগ্ৰহালয় স্থাপন কৰিব লাগে
যোৰহাটত এখন মিউজিক প্ৰতিষ্ঠান স্থাপন কৰিব লাগে
জুবিনদাৰ স্মৃতিত সংগীতৰ জগতখনৰ নতুন প্ৰতিভাক ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত এটা বঁটা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে* – গৌৰৱ গগৈ
ৰঙিলী বাৰ্ত্তাসেৱা- আমাৰ প্ৰাণৰো আপোন মৰমৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহৰ অন্তেষ্টিক্ৰিয়া আৰু তেখেতৰ স্মৃতি ভৱিষ্যত প্ৰজন্মৰ বাবে যুগমীয়া কৰি ৰখাৰ সম্পৰ্কত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এক বিবৃতিযোগে নিজৰ মতামত প্ৰকাশ কৰি কয় যে – মই যোৱাকালিয়ে ইতিমধ্যেই কৈছিলো যে জুবিন দাৰ অন্তেষ্টিক্ৰিয়া পৰিয়ালৰ সিদ্ধান্তমতেই হ’ব লাগে আৰু পৰিয়ালৰ সিদ্ধান্তক আমি পূৰ্ণ সমৰ্থন জনাম। ইয়াৰোপৰি মই যোৱাকালি এইবুলিও কৈছিলো যে জুবিন দাৰ প্ৰতি থকা আমাৰ যোৰহাটবাসী ৰাইজৰ অসীম মৰম,আবেগ আৰু ইচ্ছাকো সন্মান জনাব লাগিব।যিহেতু চৰকাৰে পৰিয়ালৰ ইচ্ছা অনুসৰিয়েই সোণাপুৰত অন্তেষ্টিক্ৰিয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। সেয়েহে যোৰহাটৰ স্হানীয় সাংসদ হিচাপে মোৰ চৰকাৰৰ প্ৰতি আহ্বান হৈছে যে চৰকাৰে জুবিনদাৰ যোৰহাটৰ তামূলীচিগাৰ পিতৃগৃহটো সংৰক্ষণ কৰিব লাগে। তাত জুবিনদাৰ সকলো স্মৃতি বিজড়িত সামগ্ৰী আৰু সৃষ্টিৰাজিৰ সংৰক্ষণ কৰি এটি সংগ্ৰহালয় স্হাপন কৰিব লাগে । যোৰহাটত এখন মিউজিক প্ৰতিষ্ঠান স্হাপন কৰিব লাগে । তাৰোপৰি জুবিনদাৰ স্মৃতিত সংগীতৰ জগতখনৰ নতুন প্ৰতিভাক ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত এটা বঁটা প্ৰদানৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰোপৰি স্হানীয় সাংসদ হিচাপে যোৰহাটৰ ৰাইজৰ সৈতে আলোচনা কৰি এক ৰাজহুৱা স্থানত আমি জুবিন দাৰ এটি ভব্য প্ৰতিমূৰ্তি নিৰ্মাণ কৰিম।সাংসদ গগৈয়ে লগতে কয় যে – যিহেতু জুবিনদাৰ সমাধিস্হল সোণাপুৰত হোৱাতো প্ৰায় নিশ্চিত হৈছে। সেয়েহে জীৱন কালত ব্ৰক্ষ্মপুত্ৰৰ পাৰত থাকি ভাল পোৱাৰ কথা কোৱা জুবিন দাৰ এটি ডাঙৰ প্ৰতিমূৰ্তি চৰকাৰে গুৱাহাটীৰ কাছাৰীৰ পুৰণি উপায়ুক্ত কাৰ্যলয় ভাঙি ব্ৰক্ষ্মপুত্ৰৰ পাৰত নিৰ্মাণ কৰা পাৰ্কখনতে নিৰ্মাণ কৰিব লাগে। ব্ৰক্ষ্মপুত্ৰৰ পাৰত থকা জুবিনদাৰ ইচ্ছাৰ প্ৰতি ইও আমাৰ তৰফৰ পৰা এটি বিশেষ শ্ৰদ্ধা নিবেদন হ’ব ।