জুবিনক লৈ কংগ্ৰেছেহে ৰাজনীতি কৰিছেঃ মুখ্যমন্ত্ৰী

জুবিনক লৈ কংগ্ৰেছেহে ৰাজনীতি কৰিছেঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়াৰ হার্টথ্র’ব, জনপ্রিয় শিল্পী জুবিন গাৰ্গক লৈ  কংগ্ৰেছেহে ৰাজনীতি কৰিছে। এই অভিযোগ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। কংগ্ৰেছ নেত্রী প্ৰিয়ংকা গান্ধীয়ে জুবিন ক্ষেত্র পৰিদৰ্শন কৰা সন্দৰ্ভত দেওবাৰে গুৱাহাটীত সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ অসমলৈ কেইবাৰো অহাৰ পিছতো জুবিন ক্ষেত্রলৈ নোযোৱা সন্দৰ্ভত বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্রীয়ে । মুখ্যমন্ত্রীয়ে কয়, প্ৰিয়ংকা গান্ধী ৰাজনৈতিক কামতহে অসমলৈ আহিছিল । ৰাজনৈতিক কামত আহিলে মানুহে সুযোগ লৈ জুবিন ক্ষেত্ৰলৈ যাব নাপায় । আমাৰ দলৰ নেতাসকল নিৰ্বাচনৰ পাছতহে জুবিনক্ষেত্ৰলৈ যাব । যেতিয়ালৈকে নিৰ্বাচন চলি থাকে তেতিয়ালৈ মই জুবিন ক্ষেত্ৰলৈ নাযাওঁ । ভগৱানে কৰিলে আকৌ এবাৰ মুখ্যমন্ত্ৰী হৈ জুবিন ক্ষেত্ৰলৈ যাম । মুখ্যমন্ত্রী শৰ্মাই কয়, আমি জুবিনক লৈ ৰাজনীতি নকৰো । আমাৰ প্ৰাৰ্থীসকলো জুবিন ক্ষেত্রলৈ নাযায় । আমি জুবিনক লৈ ৰাজনীতি নকৰো । কংগ্ৰেছে জুবিনক লৈ মুকলিকৈ ৰাজনীতি কৰিছে । আমি নিৰ্বাচনৰ এই সময়ত জুবিনক ৰাজনীতিৰ মাজলৈ অনাটো নিবিচাৰো । প্ৰিয়ংকা গান্ধী ৰাজনৈতিক কামত আহি জুবিনকলৈ ৰাজনীতি কৰিছে ।মুখ্যমন্ত্রীয়ে কয়,প্ৰিয়ংকা গান্ধী দলীয় কামতহে অসমলৈ আহিছিল । জুবিন ক্ষেত্র পৰিদৰ্শন কৰিবলৈ অহা নাছিল । জুবিনৰ কাৰণে কংগ্ৰেছৰ কোনোবাই তেজ দিছিল নেকি জন্মদিনত । কংগ্ৰেছৰ কোনজন মানুহে জুবিনৰ জন্মদিনত তেজ দিছে, মোক কওক । জুবিন ক্ষেত্রক ৰাজনীতিৰ মঞ্চলৈ ৰূপান্তৰ কৰিব নালাগে । জুবিন ক্ষেত্রখনৰ বাবে স্থান কোনে নিৰ্ধাৰণ কৰিলে । আমি স্থানটো কৰি দিছো । জুবিন ক্ষেত্র প্ৰিয়ংকা গান্ধীয়ে কৰিলে নে হিমন্ত বিশ্ব শৰ্মাই কৰিলে । গতিকে ৰাজনৈতিক কামত আহিলে সুযোগ লৈ যাব নাপায় । ইফালে মুখ্যমন্ত্রী ড° শর্মাই কয় যে এইকেইদিন গোচৰটো ফাষ্টট্রেক ক’ৰ্টত দিয়া বুলিও ৰাজনীতি কৰা হৈছে। প্রথম কথা- বর্তমান যিজন ন্যায়াধীশৰ তাত গোচৰটো চলি আছে তেওঁ প্রত্যেকখন জামিন আবেদন নাকচ কৰিছে। দুজনে বাধ্য হৈ জামিন আবেদন প্রত্যাহাৰ কৰিছে আৰু তিনিখন জামিন আবেদন এইগৰাকী ন্যায়াধীশে খাৰিজ কৰিছে। এতিয়া জুবিনৰ গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰাই লৈ যোৱাৰ এটা ডাঙৰ প্ৰস্তুতি চলিছে। যিগৰাকী ন্যায়াধীশে তিনিগৰাকীকৈ অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে, এই দিশটোৰ ক্ষেত্ৰত অহা ২৬ ফেব্ৰুৱাৰীত কেবিনেটত আমি সিদ্ধান্ত ল’ম। আমি পিছুৱাই থকাৰ মূল কাৰণটো আছিল যে যিকোনো ন্যায়াধীশে আৰক্ষীৰ নিৰাপত্তাৰক্ষী দুজনক জামিন দিলেহেঁতেন। যিকোনো ন্যায়াধীশে মহিলা বুলি অমৃতপ্রভা মহন্তক জামিন দিলেহেঁতেন। এইগৰাকী ন্যায়াধীশে গৰিষ্ঠভাৱে তিনিটাকৈ জামিন আবেদন নাকচ কৰিছে আৰু ভয়তে শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাই জামিন আবেদন প্রত্যাহাৰ কৰিছে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে মই ৰাইজৰ মতে চলোঁ। ৰাইজে বিচাৰিলে অহা ২৬ ফেব্ৰুৱাৰীৰ পাছত গোচৰটো ফাষ্টট্রেক আদালতত দি দিম। যিজন ন্যায়াধীশে ইমান কঠোৰ স্থিতি লৈছে, সেইজন ন্যায়াধীশৰ পৰা গোচৰটো আঁতৰোৱাৰ বাবে একাংশই লাগি আছে। তেওঁলোকে বিচাৰিছে গোচৰটো নিৰ্বাচনৰ আগতে বেলেগ এখন ন্যায়াধীশৰ তাত যাওক, যাতে এজনৰ জামিন হয় আৰু মোক আক্ৰমণ কৰিব পাৰে। এইটো সম্পূৰ্ণৰূপে জুবিনৰ নামত হোৱা ৰাজনীতি। নির্দিষ্ট কিছু বাতৰিকাকত, নিউজ চেনেল আৰু কংগ্ৰেছ দলে এইটো ডিজাইন কৰিছে। এইটো বিজেপিক শ’লঠেকত পেলোৱাৰ বাবে চিধাচিধি ষড়যন্ত্র। ইয়াকে লৈ ব্যাপক ষড়যন্ত্র চলি আছে।