জুবিনক বিদেশলৈ নিয়াৰ পাছত সাগৰত নামিবলৈ দিয়াটো ডাঙৰ ভুল আছিল: ডাঃ হিতেশ বৰুৱা

জুবিনক বিদেশলৈ নিয়াৰ পাছত সাগৰত নামিবলৈ দিয়াটো ডাঙৰ ভুল আছিল: ডাঃ হিতেশ বৰুৱা

ৰঙিলী বাৰ্ত্তাসেৱা- শিল্পী জুবিন গাৰ্গৰ স্বাস্থ্য সম্পৰ্কীয় বিষয়ক লৈ তৃতীয়বাৰৰ বাবে এছআইটিত হাজিৰ হৈ ভাষ্য প্ৰদান কৰে চিকিৎসক ডাঃ হিতেশ বৰুৱাই। এছআইটিক ভাষ্য প্রদানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত চিকিৎসক ডাঃ হিতেশ বৰুৱাই কয় যে,  জুবিন গাৰ্গক জুই আৰু পানীৰ পৰা সদাই আঁতৰত থাকিবলৈ চিকিৎসকৰ দলে পৰামৰ্শ প্ৰদান কৰা হৈছিল । পৰিয়ালৰ লগতে তেওঁৰ মেনেজাৰ, বন্ধুক সমগ্ৰ বিষয়টো চিকিৎসকৰ দলে বুজায়ো দিছিল । কিয়নো মৃগী ৰোগত ক’ত, কেতিয়া আক্ৰান্ত হয় সেয়া ধৰিব নোৱাৰি । কিন্তু ইমানৰ পিছতো জুবিনক বিদেশলৈ নিয়াটোৱে এটা ডাঙৰ ভুল আছিল। পূৰ্বতেও ছিজাৰত আক্ৰান্ত হোৱাৰ পাছত এটা চিকিৎসকৰ দলে তেওঁক চিকিৎসা কৰিছিল। হাস্পতালৰ পৰা যাবলৈ দিয়াৰ পাছত পৰিয়াল তথা ঘনিষ্ঠ লোকক সকলোখিনি বুজাই দিয়া হৈছিল। ইমানখিনি জনাৰ পাছতো তেওঁক বিদেশলৈ নিয়াটো ডাঙৰ ভুল আছিল। দ্বিতীয়টো ভুল হৈছে  সাগৰলৈ নিয়াটো। তৃতীয়টো ভুল হৈছে সাগৰত নমাই দিয়াটো আৰু চতুৰ্থটো ভুল হৈছে সাগৰৰ পৰা তেওঁক নবচোৱাটো। তেওঁ কয় যে এজন-দুজন নহয়, ১৬জনকৈ মানুহে দেখা পাইছে জুবিন গাৰ্গ সংকটত পৰিছে। সেই মানুহখিনিয়ে তেওঁক উদ্ধাৰ কিয় নকৰিলে আৰু লগে লগে তেওঁক হাস্পতাললৈ কিয় নিয়া নহ’ল। গোটেই প্রক্রিয়াটোক এক অৱহেলা বুলি মন্তব্য কৰি ডাঃ বৰুৱাই উপযুক্ত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ আহ্বান জনায়। তদন্ত খৰতকীয়া কৰিবলৈ এছআইটিক তেওঁ অনুৰোধ জনায়। শিল্পীগৰাকীয়ে সেৱন কৰা দৰব সন্দৰ্ভতো ডাঃ বৰুৱাই কয় যে কেইবাবিধো দৰব জুবিনক দিয়া হৈছিল। ছিজাৰৰ দৰব খোৱাটো বাধ্যতামূলক আছিল। মৃত্যুৰ দিনাখন সেই দৰববিধ খাইছিল নে নাই সেয়া মই নাজানো কিন্তু উক্ত দৰবটো নোখোৱাকৈ থাকিব নালাগে। উল্লেখ্য যে ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ খবৰ পোৱাৰ পিছতেই সমগ্ৰ ৰাজ্যবাসী শোকত ভাগি পৰে । ইয়াৰ পিছতেই ৰাজ্যজুৰি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দাবী উত্থাপন হৈছিল । চি আই ডিত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত গোচৰ ৰুজু কৰি এছ আই টিয়ে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, জুবিনৰ সম্বন্ধীয় ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গ, সহশিল্পী অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু জুবিনৰ দুই ব্যক্তিগত দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যকে ধৰি মুঠ ৭ গৰাকীক এছ আই টিয়ে গ্রেপ্তাৰ কৰিছিল । বৰ্তমান তেওঁলোক ন্যায়িক জিম্মাত আছে । য়ট পাৰ্টিত থকা ১০ প্ৰবাসী অসমীয়াক জেৰা চলোৱাৰ লগতে জুবিন গাৰ্গৰ বন্ধুবৰ্গৰ পৰা ভাষ্য গ্ৰহণ কৰিছে এছ আই টিয়ে । আনহাতে  শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ অহা ২০ অক্টোবৰত ছিংগাপুৰ অভিমুখে ৰাওনা হ’ব এছআইটিৰ মুৰব্বী মুন্নাপ্রসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া তৰুণ গোৱেল।