জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত বিফল হ’লে মোক শাস্তি দিবঃ মুখ্যমন্ত্ৰী

জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত বিফল হ’লে মোক শাস্তি দিবঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-   জুবিনক আমি ন্যায় দিব লাগিব আৰু যিদিনা জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত মই বিফল হ’ম, জনসাধাৰণে মোক শাস্তি দিব। যদি আমি জুবিনক ন্যায় দিব নোৱাৰোঁ তেন্তে ২০২৬ চনত মানুহে আমাক কিয় ভোট দিব? সেয়া আমি সকলোৱে মানি ল’ব লাগিব। এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। শেষ বিন্দু তেজ থকালৈকে জুবিনক ন্যায় দিয়াৰ যুঁজ অব্যাহত থাকিব। জুবিনে ন্যায় পাবই। ফেচবুক লাইভযোগে এই কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- কোনো এজন জুবিন অনুৰাগীতকৈ মই নিজকে কম অনুৰাগী বা বেছি অনুৰাগী বুলি নাভাবোঁ। কাৰণ আমাৰ সকলোৰে জুবিনক ভাল পোৱাৰ অধিকাৰ আছে। জুবিনৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত প্রতিজন ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰীৰ। সেই দায়িত্ব পালন কৰা হ’ব সম্পূর্ণ নিষ্ঠাৰে। ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- ছবছৰ পূৰ্বেই মই উল্লেখ কৰিছিলোঁ জুবিনক বিপথে পৰিচালিত কৰাত তেওঁৰ আশে-পাশে লাগি থকা কিছুসংখ্যক লোকৰ ভূমিকাৰ কথা। ছবছৰ পূৰ্বে মই যি কৈছিলোঁ, সেয়া এতিয়াও বহু সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আছে। গতিকে সমগ্র ঘটনা সন্দৰ্ভত মোৰ মতামত অথবা যি স্পষ্ট ভাব আছিল সেয়া আজিৰ নহয়। ছবছৰ পূৰ্বেই মই ৰাইজক জনাইছিলোঁ। জুবিন আমাৰ জাতীয় সম্পদ। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকাৰ সমকক্ষ বুলি জুবিন গাৰ্গক অভিহিত কৰি জুবিনৰ সন্মুখত দিয়া ভাষণো সামাজিক মাধ্যমত এতিয়াও উপলব্ধ হৈ আছে। জুবিনৰ প্ৰতি মোৰ এক ব্যক্তিগত কৃতজ্ঞতাও আছে। মোৰ পিতৃ প্রয়াত কৈলাশ নাথ শৰ্মাৰ গীতৰ সংকলন জুবিনে অতি মৰমেৰে ‘ৰুণজুন’ নামৰ কেছেটটোৰ জৰিয়তে গীত বাণীবদ্ধ আৰু ভিডিঅ’ কৰি মোক উপহাৰ দিছিল। এই গানকেইটাই যথেষ্ট সমাদৰ লাভ কৰিছিল। এজন পুত্র হিচাপে তাতকৈ গৌৰৱৰ কথা আন একো হ’ব নোৱাৰে। সেয়েহে জুবিনে য’তেই যেনেকৈ সমস্যাত পৰিছে, তাতেই মই উপস্থিত হৈছোঁ। ক’ভিডৰ সময়ত মুম্বাইৰ পৰা অসমলৈ জুবিনক লৈ অহা, ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানেৰে নতুন দিল্লীত গ্রীন কৰিড’ৰ বনাই জুবিনক চিকিৎসাৰ ব্যৱস্থা কৰা, জীৱনৰ কেইবাটাও গুৰুত্বপূৰ্ণ অধ্যায়ৰ মই সাক্ষী হৈ থকাৰ সুযোগ পাইছিলোঁ। সেয়েহে কোনো এজন জুবিন অনুৰাগীতকৈ মই নিজকে কম অনুৰাগী বুলি নাভাবোঁ। মুখ্যমন্ত্রী ড° শর্মাই কয়- জুবিনক আমি গীত-মাতেৰে জীয়াই ৰাখিম। জুবিনৰ ঘটনাৰ ন্যায়ৰ বাবে শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক বহুত কথা সুধিব লাগিব। সেয়েহে শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক ৬ অক্টোবৰৰ ভিতৰত অসমত উপস্থিত হ’বলৈ স্পষ্ট কৰিলোঁ। শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক ক’ব খোজোঁ যে জনতাৰ ধৈৰ্যৰ সৈতে নেখেলিব। ৬ অক্টোবৰৰ ভিতৰত অসমত উপস্থিত হৈ আইনক সহায় কৰক। পত্র লিখি, ফেচবুক লাইভত আহি কোনো সাৰি যাব নোৱাৰিব। অসম আৰক্ষীয়ে সময়ত কিমান শক্তিশালী ভূমিকা ল’ব পাৰে সেয়া প্রত্যেকে দেখিছে। গতিকে কোনেও পলাই সাৰিব পাৰিব বুলি যদি ভাবিছে সেয়া ভুল। এটা কথা মই সকলোকে স্পষ্ট কৰি দিব বিচাৰিছোঁ ক’ভিডৰ সময়তো মই ৰাজ্যবাসীক এৰা নাছিলোঁ, বানপানীৰ সময়তো অসমৰ জনগণক মই এৰা নাছিলোঁ আৰু জীৱনত এটা দিন আহিছিল পিপিই কিট পিন্ধিও ক’ভিডৰ আইচিইউৰ ভিতৰত গৈ জনতাক সেৱা কৰাৰ চেষ্টা কৰিছিলোঁ। আজি যেতিয়া অসমৰ জনতাই জুবিনক ন্যায় দিয়াৰ বাবে আন্দোলন কৰিছে, তাৰ পৰা মই পৃথক নহয়। সেয়েহে মই আজি পুনৰ প্রতিশ্রুতি দিছোঁ- জুবিনৰ ঘটনাৰ সৈতে জড়িত সকলো ব্যক্তিক আইনৰ সন্মুখলৈ অনাটো মোৰ দায়িত্ব। এই দায়িত্ব মই পালন কৰিম। মুখ্যমন্ত্ৰী হিচাপে মই অসমৰ ৰাইজৰ ওচৰত শিৰনত কৰোঁ। শ্যামকানু মহন্ত-সিদ্ধার্থ শৰ্মাৰ ওচৰত নহয়। সেয়েহে মই শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক ক’ব বিচাৰোঁ ঘটনাপ্রৱাহ দূৰলৈ যাব নিদিব। কোনোবাই যদি ভাবি আছে আমি আগতীয়া জামিন ল’ম, আইনৰ ওচৰলৈ যাম, এই প্রচেষ্টাবোৰ কৰা উচিত নহয়। কাৰণ জুবিন এগৰাকী জাতীয় সম্পদ। জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা তন্ন তন্ন কৰি ৰাইজৰ আগত আপোনালোকে ক’ব লাগিব। মুখ্যমন্ত্রী ড০ শৰ্মাই পুনৰ কয়- কেইগৰাকীমান ব্যক্তিয়ে জুবিনৰ ন্যায় বিচাৰি ৰাজপথত আন্দোলন কৰিছে। আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হ’ব বুলি প্রশ্ন উঠিছে। গ্ৰেপ্তাৰ হোৱা এজন ব্যক্তি হ’ল অজয় ফুকন। জুবিনে নিজেই সেই ব্যক্তিজনৰ বিষয়ে কৈ গৈছিল যে এই ব্যক্তিজনৰ জৰিয়তে মোৰ লগত যাতে কোনেও সম্পর্ক নকৰে। এইজন অজয় ফুকনে বিগত নির্বাচনত কংগ্ৰেছ দলৰ পৰা চাবুৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল। আনজন গ্ৰেপ্তাৰ হোৱা ব্যক্তি হ’ল ভিক্টৰ দাস। এই ভিক্টৰ দাসে এগৰাকী সহজ-সৰল যুৱতীক কেনেকৈ গুৰুলাগুৰুলকৈ পিটিছিল তাৰ প্ৰতিচ্ছবি এতিয়াও আমাৰ সন্মুখৰ পৰা আঁতৰি যোৱা নাই। ভিক্টৰ দাসে যুৱতীগৰাকীক প্ৰহাৰ কৰাৰ দিনা হয়তো জুবিনেও কান্দিছিল। জুবিনেও এই ব্যক্তিজনৰ বিৰুদ্ধে ন্যায় বিচাৰিছিল। জুবিনৰ নামত চৰকাৰবিৰোধী ৰাজনীতি হ’ব নোৱাৰে, জুবিনৰ নামত অসমখনক আমি নেপাল কৰিব দিব নোৱাৰোঁ। এটাও যদি আমাৰ সম্পত্তি আমি হানি কৰোঁ, আটাইতকৈ দুখ জুবিন গার্গে পাব। কাৰণ এইখন জুবিনৰ অসম। জুবিনৰ নামত সাঙোৰ খোৱাসকলৰ বিচাৰ নোহোৱালৈকে আমি সহজতে তেওঁলোকক যাব নিদিওঁ। মাত্ৰ ৰাইজে আইন হাতত তুলি নল’ব। মুখ্যমন্ত্রীয়ে ফেচবুক লাইভযোগে ঘোষণা কৰে যে শ্যামকানু মহন্তৰ প্ৰত্যেকটো বেংক একাউন্ট, পানকার্ড, ক্রেডিট কার্ড ফ্রিজ কৰা হৈছে যাতে তেওঁ বহুদিনলৈ বাহিৰত থাকিব নোৱাৰে। যদি ৬ অক্টোবৰলৈকে সিদ্ধার্থ শৰ্মা আৰু শ্যামকানু মহন্ত অসমলৈ ঘূৰি নাহে, অসম আৰক্ষীয়ে তেওঁলোকক অনাৰ বাবে সকলোধৰণৰ চেষ্টা কৰিব। এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এজন চিটিং বিচাৰপতিৰে এখন জুডিচিয়েল কমিটী গঠন কৰাৰ বাবে ইতিমধ্যে পত্র লিখিছোঁ। ইয়াৰ দ্বাৰা কমিটীখনে তন্ন তন্নকৈ ভুল-ত্রুটি চাব পাৰিব। ইফালে মুখ্যমন্ত্রী ড° শর্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে সিদ্ধার্থ শৰ্মা আৰু শ্যামকানুৰ বিৰুদ্ধে লুক আউট ন’টিচ জাৰি কৰা হৈছে। ইণ্টাৰপ’লৰ জৰিয়তে এই লুক আউট ন’টিচ জাৰি কৰা হৈছে। যাতে আন কোনো দেশলৈ তেওঁলোক পলায়ন কৰিব নোৱাৰে। তদুপৰি ছিংগাপুৰৰ ঘটনাৰ সৈতে জড়িত ১১জন ব্যক্তিলৈ ভাৰতীয় ৰাষ্ট্ৰদূতৰ জৰিয়তে অসম আৰক্ষীয়ে চমন জাৰি কৰি ১০ দিনৰ ভিতৰত চিআইডিৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ নির্দেশ দিয়া হৈছে।