” জুই ” — সুষমা গোস্বামী

pc-wikipedia

” জুই ” _

অৰুণে জ্বলাই জুই
পূৱ দিগন্তত….
স্বাগতম জনাই নিতে
এই মৰতক
সৃষ্টিৰ পাতনিৰে পৰাই
সেইুৰা জুই….
চিৰ বহ্নিমান এই
ধৰাৰ বুকুত ।
আকাশত জ্বলি থকা
তৰাৰ শিখাই
যোগাইছিল প্ৰেৰণা বহু
কবিৰ হিয়াত ।
কবিতাৰ উৎস বোৰো হ’ল নাইকিয়া
ফটকাৰ জুইহে জ্বলে…
সৰগত এতিয়া ।
আতচ্ বাজিৰ সেই জুইৰ পোহৰে
হিয়াত আনন্দৰ…..
লহৰহে তোলে ।
প্ৰতিশোধৰ দাবানলে মৰ্ত্ত্যক আৱৰিলে
পুথিগত জ্ঞানখিনিকো
হেৰুৱাই পেলালে ।
প্ৰতিহিংসাৰ মনোবৃত্তিৰে
এনে এটি পবিত্ৰ দিনতে
ধেমাজি জিলাতো জ্বলাইছিল
হিংসাৰ একুৰা জুই……..
যাৰ পৰশত গৈছিল বহূ শিশু শুই ।
সেই সকল নিষ্পাপ শিশুক
জনাই প্ৰণিপাত
আজিৰ এই দিনটোতে পুনৰবাৰ
সুঁৱৰিলোঁ সৱাক ।

সুষমা গোস্বামী