জুই জ্বলা হৃদয়ৰ ভাষা – নিৰঞ্জন ঠেঙাল 

জুই জ্বলা হৃদয়ৰ ভাষা

নিৰঞ্জন ঠেঙাল 
গোলাঘাট 
কোন-কাহানিবাই কেৰুণ লগা হৃদয়ত
মকৰাজালৰ উৎসৱ পাতিছিল,
খহি পৰা ৰক্তাক্ত হৃদয়ৰ টুকুৰা বোৰত
এটা দুৰ্গন্ধ আছিল-
“নিস্বাৰ্থ সঁহাৰি……..!”
সুযোগৰ পথত অৱতীৰ্ণ হৈ
বহুবাৰ বহুজনেই পাৰ হৈ গ’ল……
কিংকৰ্তব্যবিমূঢ় হৈ হৃদয়খন থাকি গ’ল
শেষত শব্দহীনতাৰে লগাই দিলো একুৰা
জুই…….!