জুইফুল
টিংকু বৰা, লখিমপুৰ
অশ্রুসিক্ত নয়নজুৰি ভাগৰি পৰিছে
পোৱা-নোপোৱাৰ দোমোজাত পৰি,
সপোন থমকি ৰয় নিঃশব্দে ,
ভাঙি যোৱা আশাৰ বোজা সহি সহি ।
প্রতিটো পথতেই একটা প্রশ্নবোধক
উত্তৰৰ কোনো চিন চাব নাই !
হৃদয়ৰ গভীৰ নিস্তব্ধতাৰ আঁৰত
আজিও ক্লান্তিৰ সুৰে নতুন গীত গায় ।
ভাঙি যোৱা সপোনৰ ছাইৰ মাজতেই
নিভৃতভাৱে জ্বলি উঠে নতুন আশা ;
নিশাৰ আঁৰে আঁৰে লুকাই থাকে
প্রভাতী কিৰণৰ কোমল আভা ৷
নিশা আহে, নিশা যায় ;
অন্ধকাৰৰ শেষ সীমনাতেই
পোহৰে এদিন লিখিব নতুন গাঁথা ।
