জীৱন – ৰুমী কলিতা দত্ত

PC - Christianity
জীৱন
ৰুমী কলিতা দত্ত, ডিব্ৰুগড়
জীৱনটো বৰ ধুনীয়া
পৃথিৱীখনৰ দৰেই
জীৱনৰ সুৰীয়া সময়ত জগাই তুলিবা
কাৰাগাৰত আৱদ্ধ হৈ থকা জীৱন!
সৌন্দৰ্য্য,ঐশ্বৰ্য্য নহয় যুগমীয়া
 গাঁথি যোৱা এধাৰি শীতল মালিতা !
পথভ্ৰষ্ট জীৱন নহয় আলফুলীয়া
অনুপম সুৰ ঢালি জীৱন সজোৱা !
জীৱনৰ দায়বদ্ধতাত বন্দী হৈ
নিষ্ঠুৰতাত জাহ নগৈ
লোভত বন্দী নহবা !
নিজক ভালপাবলৈ শিকি ল’বা !