জীৱন – সোণটি কলিতা

Pc Solü Technology Partners

জীৱন

সোণটি কলিতা

জীৱনটো এক যাত্ৰা, যি সুখ-দুখ, হাঁহি-কান্দোনৰ বৰপেৰা। আমি আটায়েই আগবাঢ়িছো এটি এটি দিন আঙুলিৰ মুৰত হিচাপ কৰি মৃত্যুৰ মুখলৈ। তাৰপাছটো প্ৰতিদিনেই দেখিছো একো একোটা নতুন সপোন। সপোনবোৰ ফুলি নুঠিলেও তাক লৈ আক্ষেপ নকৰিব কিয়নো তাৰ পৰা আপুনি পাছৰ দিনটোত যুঁজিবলৈ সাহস পাব।

জীৱনটো সহজ নহয়, কিন্তু আমি সহজ কৰি ল’ব লাগিব। ভাগৰি পৰিলে নহ’ব, শক্তিশালী হৈ আগুৱাই যাব লাগিব। কিয়নো জীৱনৰ কাইতীয়া পথবোৰে আমাক শিকাই শক্তিশালী হ’বলৈ, ধৈৰ্য্য ধৰিবলৈ, পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ, নিজৰ লক্ষ্যত উপনীত হ’বলৈ।

জীৱনৰ কাইতীয়া পথবোৰে আমাক দি যায় একো একোটা নতুন অভিজ্ঞতা, জ্ঞান, শক্তি, আত্মবিশ্বাস।এয়াইটো জীৱনৰ মাদকতা।য’ত আছে বহুতো চমক আৰু বহুতো শিকিবলগীয়া। আমি আটায়েই এই যাত্ৰাত নতুন নতুন শিকি গৈ আছো, গ্ৰহণ কৰি গৈ আছো, আৰু আগবাঢ়ি আছো মৃত্যুৰ দিশলৈ।মৃত্যু আমাৰ নিশ্চিত সেয়েহে পোৱাবোৰক লৈ অহংকাৰ নকৰিব, নোপোৱাবোৰক লৈ দুখো নকৰিব।জনাখিনি নজনাজনক শিকাই দিব।নজনাখিনি শিকি ল’ব।মাত্ৰ মনত ৰাখিব ভুলবোৰক শুদ্ধ বুলি প্ৰমান কৰিবলৈ ভুল পথেৰে গতি নকৰিব। আগবাঢ়ি গৈ থাকক প্ৰতিদিনে একো একোটা নতুন পথৰ সন্ধানত।