জীৱন সমীপেষু
মিতালি বৰঠাকুৰ,মালিগাওঁ, গুৱাহাটী
এতিয়া আকাশ ৰাঙলী হ’ল
আবেলি বেলিৰ তেজেধোৱা গা –
বতাহৰ গাটো লাগি আহে তেজৰ চেকুৰা
ৰ’দৰ মৌন প্ৰতিবাদ
সীমনাৰ সিপাৰে আকাশৰ উচুপনি
সময়ৰ প্ৰহসনত জীৱন সীমাবদ্ধ
দিগন্তব্যাপী মৌন সমদল
নিমাত পৃথিৱী
ৰাতিৰ প্ৰহৰত ঢলি পৰা আকাশ
তথাপি ,
প্ৰীতিৰ কথকতাৰে জীৱন অনুপম ।
