জীৱন সমস্যাৰে পূৰ্ণ–হাঁহি আৰু কান্দোন তাৰ অস্ত্ৰ
নমিতা দাস,
শুৱালকুছি
প্ৰতিগৰাকী সতীৰ্থৰে মঙ্গল কামনা কৰি আজিৰ শিতানৰ বিষয়বস্তুৰ ওপৰত লিখিবলৈ প্ৰয়াস কৰিলোঁ।
জন্মৰে পৰা জীৱনটো আগুৱাই নিবলৈ বিভিন্ন সমস্যাৰ সন্মুখিন হ’ব লগা হয় । সৰুতে যেতিয়া কোনো সমস্যা হয় তেতিয়া মা,দেউতা বা ঘৰখনৰ বয়োজ্যেষ্ট সকলে সমাধান কৰে। সমস্যা সমাধানৰ আনন্দত হাঁহি বিৰিঙি উঠে ।কিন্তু কোনোবা সময়ত যদি বিচৰা ধৰনে কৰিব নোৱাৰে বা সমস্যাটো শেষ নহয় বা ঘৰৰ মানুহে কৰি দিবলৈ ইচ্ছা প্ৰকাশ নকৰে তেতিয়া কান্দি-কাতি হ’লেও মনৰ ইচ্ছা পালন কৰাটো শিশু সকলৰ অভ্যাস ।
“কথাতে কয় কথাত বটা পায়
কথাত কটা যায়”
বয়স বঢ়াৰ লগে লগে সমস্যাবোৰো ডাঙৰ হয় ।জীৱনত আগুৱাই যাবলৈ বিভিন্ন সমস্যাৰ সন্মুখিন হোৱাটো স্বাভাবিক কোনো কোনো সময়ত সমস্যাবোৰ সমাধানৰ বাবে মগজুৰ প্ৰয়োগ নিতান্তই প্ৰয়োজন। হাতেৰে বলে নোৱাৰিলে খং ৰাগেৰে সমস্যা সমাধান কৰিব নোৱাৰি বৰং খং কৰি মিছাৰ আশ্ৰয় ললে সমস্যা বাঢ়ে হে নকমে। মিঠা কথা আৰু সুস্থ মগজুৰে হাঁহি ফূৰ্তী কৰি পৰিয়ালৰ লগত আলোচনাৰ মাধ্যমে কিছুমান সমস্যাৰ সমাধান আনি দিয়ে।
আন হাতে কিছুমান সমাস্যা সমাধানৰ বাবে চলাহি কথা কৈ মিছাৰ আশ্ৰয় লোৱাও পৰিলক্ষিত হয় ।কিছুমান চালাকি মানুহে অকাৰণতে কন্দা কটা কৰি ঘৰিয়ালৰ চকু পানী টোকে আনহাতে কিছুমানে সমস্যাটো সমাধানক মুল অস্ত্ৰ হিচাপে লৈ বিনা কাৰণতে হাঁহিৰে ওপচাই সমস্যাৰ পৰা হাত সাৰিব বিচাৰে।
গতিকে মানুহৰ নিজৰ নিজৰ চিন্তা ধাৰণাক শুদ্ধ চিত্ৰে মুল অস্ত্ৰ হিচাপে লৈ সমস্যাবোৰ সমাধানৰ চেষ্টা কৰাটো প্ৰয়োজন বুলি ভাবো।
