জীৱন সংগ্ৰাম –  সুৰজিৎ ভূঞা

জীৱন সংগ্ৰাম
 সুৰজিৎ ভূঞা
মেটুৱাকুছি, শান্তিনগৰ,বৰপেটা
“জীৱন মানেইতো সংগ্ৰাম
যি সংগ্ৰামে দিয়ে
নতুন দিগন্তৰ বাট ।”
আচলতে জীৱনত বিভিন্ন ধৰণৰ আৰু বিভিন্ন কাৰণবশত বিভিন্ন ঘাট-প্ৰতিঘাটৰ সম্মুখীন হ’ব লগাত পৰে । আৰু বহু জনে সেই অনাকাংশিত ঘাট-প্ৰতিঘাটৰ পৰা পলাই চলিবলৈ চেষ্টা কৰে । যাৰ ফলস্বৰূপে এটা জীৱন ধ্বংসৰ দিশে ধাৱমান হ’বলৈ গতি কৰে ।
সকলোৱে জীৱনত বিভিন্ন ধৰণৰ ক্ষেত্ৰ অনুযায়ী বহুবোৰ ঘাট-প্ৰতিঘাটৰ সম্মুখত থিয় দিব লগা পৰিস্থিতি হয় । আমি এনেবোৰ কাৰণত সেই সময়ত এখন যুদ্ধত নামি পৰিবলৈ বাধ্য হৈ পৰোঁ । বিশেষকৈ যিসকলৰ পলায়ন সুলভ মনটো নাই ।
যদিহে আমি সেই বাধাৰ ৰণস্থলীত পৰাজয় বৰণ কৰোঁ তথাপিও কিন্তু এটা নতুন জীৱনৰ সন্ধান কৰিব পাৰোঁ ।
এগৰাকী মহিলা তেখেতৰ নাম আমেলিয়া । তেখেতৰ জন্মৰ প্ৰায় ৩ মাহ পিছতেই পিতৃ, মাতৃৰ এক দুৰ্ঘটনাত মৃত্যু হয় । তাৰ পৰৱৰ্তী সময়ছোৱাত সম্পৰ্কীয় মানুহৰ হাতে হাতে বাগৰি আমেলিয়া ডাঙৰ-দীঘল হয় । সেই সময়তেই আমেলিয়াই দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ বাধাৰ সম্মুখীন হৈ পৰে । বিশেষকৈ নিৰ্যাতনৰ বলি হ’ব লগাত পৰে আমেলিয়াই । কিন্তু তেনেবোৰ অনাকাংশিত ঘটনা আৰু বাধাৰ সম্মুখীন হৈও সেইবোৰক প্ৰতিহত কৰি পৰৱৰ্তীসময়ত সেই আমেলিয়াই তেখেতে জন্মগ্ৰহণ কৰা দেশখনৰ প্ৰখ্যাত সাংবাদিক আৰু ছাত্র সংগঠনৰ নেত্ৰী ৰূপে সমগ্ৰ দেশতে খ্যাতি অৰ্জন কৰে ।
সেই বাবেইতো আমি জীৱনক শত-সহস্ৰবাৰ ক’ব পাৰোঁ- “জীৱন মানেই এক সংগ্ৰামী নাম আৰু সেই সংগ্ৰামে আনি দিয়ে এই জীৱনত নতুন সন্ধানী দিগন্তৰ আলোকময় বাট ।”