জীৱন সংগ্ৰামত ধৈৰ্য্য অতি অপৰিহাৰ্য্য অংশ – চন্দ্ৰ শেখৰ পৰাজুলী

জীৱন সংগ্ৰামত ধৈৰ্য্য অতি অপৰিহাৰ্য্য অংশ
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আমি যদি জীৱনত সফলতা অৰ্জন কৰিবলৈ বিচাৰোঁ তেন্তে সকলো মানুহে বুদ্ধিমত্তাৰ সৈতে জীৱন সংগ্ৰামত অবতীৰ্ণ হ’ব লাগিব। কিন্তু জীৱন সংগ্ৰামত বুদ্ধিমত্তাৰ সৈতে মুখামুখি হ’বলৈ হ’লে আমাৰ মন, মস্তিষ্কৰ মাজত ধৈৰ্য্য থকাটো অত্যন্তয়ে আবশ্যক। আমাৰ ধৰ্মগ্ৰন্থত উল্লেখ কৰা আছে যে….
” निन्दन्तु नीतिनिपुणाः यदि वा स्तुवन्तु,
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्।
अद्यैव वा मरणमस्तु युगान्तरे वा,
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः।”
অৰ্থাৎ ইয়াৰ অৰ্থ হ’ল,”গুণসম্পন্ন বা নীতি নিপুণ মানুহক লাগিলে প্ৰশংসা কৰক নাইবা নিন্দায়ে কৰক। অৰ্থ লাভে হওঁক বা অৰ্থৰ হানিয়ে হওঁক। মৃত্যু আজিয়ে হওঁক বা কালিয়ে আহক ।ধৈৰ্য্যসম্পন ব্যক্তিৰ খোজবোৰ কেতিয়াও ন্যায়ৰ মাৰ্গৰ পৰা বিচলিত হৈ নাযায়।” ভাল আৰু বেয়া পৰিস্থিতিৰ মাজেৰে আমাৰ জীৱন পৰিচালিত হয়। সেয়েহে যিকোনো পৰিস্থিতিতে আমাৰ জীৱন বিচলিত নহয় তাৰ বাবে মন,মস্তিষ্কৰ মাজত ধৈৰ্য্য বা স্থিৰতা স্থাপন কৰিব লাগিব।‌ সচৰাচৰ আপোনাৰ বেয়া দিনবোৰত আৰু অধিক ৰূপত দমন কৰিবলৈ আৰু আপোনাৰ ভাল দিনবোৰত আপোনাৰ মতি ভ্ৰমিত কৰিবলৈ অগণন মানুহে অহৰহ প্ৰচেষ্টা চলায় থাকে। গতিকে এই সকলোবোৰ পৰিস্থিতিৰ পৰা একমাত্ৰ ধৈৰ্য্যশিল ব্যক্তিয়ে ওলাই আহিবলৈ সক্ষম হয়। আচলতে অসহায় আৰু পথ ভ্ৰমিত লোকসকলেহে চমৎকাৰ হোৱাৰ আশা মনতে পুহি ৰাখে। কিন্তু আমাৰ এই সংসাৰত জন্মগ্ৰহণ কৰি এতিয়ালৈকে যিমানবোৰ মানুহে জীৱনত সফলতা পাবলৈ সক্ষম হৈ এই সকলোবোৰ মানুহে দৃঢ়তাৰ সৈতে বহু ধৈৰ্য্য সহকাৰে, বুদ্ধিমত্তাৰ সৈতে জীৱন সংগ্ৰামত অবতীৰ্ণ হৈ পৰিছিল বা পৰিছে।আমি আচলতে বহু সাধাৰণ মানুহ। মানুহে মুখেৰে সহজ ৰূপত বৰ্ণনা কৰাতকৈ জীৱন আৰু জটিল। সেয়েহে অতি সহজতে কোনো এক কথাতে আমি অধৈৰ্য্য বা উগ্ৰ হৈ পৰাটো একেবাৰে স্বাভাৱিক নহয়নে? কিন্তু আমি যদি জীৱনত সফলতাৰ মাৰ্গত আগুৱাই যাবলৈ ইচ্ছা প্ৰকাশ কৰো তেন্তে আমাৰ মন, মস্তিষ্ক আৰু শৰীৰক সংযম কৰাৰ গুণবোৰ আয়ত্ত কৰিব লাগিব। সেয়েহে ইন্দ্ৰিয়ক দমন কৰি আৱেগক নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰথম স্তৰতে আমাক ধৈৰ্য্যৰ অতি আবশ্যক হয়। গতিকে জীৱন সংগ্ৰামত ধৈৰ্য্য অতি অপৰিহাৰ্য্য অংশ হিচাপে ধৰি ল’ব পাৰি।