জীৱন যুদ্ধ যুজাৰু – শৈলেন কুমাৰ

pc - crosswalk.com

জীৱন যুদ্ধ যুজাৰু 

-শৈলেন কুমাৰ, মিৰ্জা

এটা জীৱন যত বহু প্ৰত্যাহ্বান
জীৱন মানে সংগ্ৰাম,
জীৱন মানে সম্ভাৱনা জীয়াই থকাৰ উৎসাহ ৷
জীৱনত ধুমুহা,
ঘাটপ্ৰতিঘাটৰ সমুদ্ৰ নেওচি আগুৱাই যোৱা,
জীৱনযুদ্ধৰ যুজাৰুৰ গাথাঁ ৷
মানৱতা নথকা মানৱসমাজত বলি হয়ো,
সত্যৰ পথত আগুৱাই যোৱা এটা যুজাৰু জীৱন ৷
সত্যই আত্মা আৰু সত্যই ধৰ্ম মানি মানৱতাৰ পথত চলিবলৈ,
মনত দৃঢ়তা আৰু সংকল্প লৈ সততাৰে আগবঢ়া জীৱন যুদ্ধৰ যুজাৰু ৷
কেতিয়াও ভাগৰি নপৰা,
বুকুত অদম্য সাহস বান্ধি,
অন্যায়,অনীতি আৰু অধৰ্মৰ আগত পৰাজয় বৰণ নকৰা
এটা জীৱনযুদ্ধৰ যুজাৰুৰ জীৱন ৷
মহান নহয় মহানতা,
ধন নহয় ধন্য অৰ্জন কৰিবলৈ আগবঢ়া,
জীৱনযুদ্ধৰ যুজাৰু হোৱা ৷