জীৱন যুঁজত হাৰ মানিলে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক অৰ্চনা দেৱীয়ে

জীৱন যুঁজত হাৰ মানিলে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক অৰ্চনা দেৱীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক অৰ্চনা দেৱীয়ে।  ১০ অক্টোবৰৰ নিশা সোণাপুৰত কৰুণ দুৰ্ঘটনাত পতিত হৈছিল মহিলা SI গৰাকী। নিশা আৰক্ষীৰ পেট্ৰলিং বাহনে খুন্দিয়াইছিল ৰৈ থকা ট্ৰাকত। সেই দুৰ্ঘটনাত অৰ্চনা দেৱীসহ আহত হৈছিল কনিষ্টবল, হাবিলদাৰৰ আৰু চালক। গুৰুতৰভাৱে আঘাত পাই GMCHৰ ICUত চিকিৎসাধীন হৈ আছিল অৰ্চনা দেৱী।অৰ্চনা দেৱী অসম আৰক্ষীৰ ২০২১ বেটছৰ আৰক্ষীৰ উপ-পৰিদৰ্শক। দৰঙৰ অৰ্চনা দেৱী SI হিচাপে নিযুক্ত আছিল ভঙাগড় আৰক্ষী থানাত।