জীৱন – মীনাক্ষী (ৰাণী) বৰঠাকুৰ গোস্বামী

Pc Shutterstock

জীৱন

মীনাক্ষী (ৰাণী) বৰঠাকুৰ গোস্বামী

এখনি গতিশীল নদী,নাম যাৰ জীৱন।
য’ত ঢৌবোৰে গায় ক্ষন্তেকীয়া গান।
সলনি কৰে পথ ক্ষণে ক্ষণে
নাই যাৰ একো স্থায়ী ৰূপ।
আজিৰ ঐশ্বৰ্য, প্ৰতাপ,
উশাহতেই উৰি যায়,
সময়ৰ নীৰৱ আঙুলিত।
যাৰ আগত আজি নতশিৰ পৃথিৱী,
সেইয়াও হয়এদিন ইতিহাস
মুহূৰ্ত্ততে শূন্য হয় হাতৰ মুঠি।
সময়ে কাকো নিদিয়ে ৰেহাই,
সোনালী স্বপ্ন, দীপ্ত আশা—
শেষত ধূলিৰ বুকুতেই হয় বিলীন।
ক্ষমা,মৰম, বিশ্বাসেৰে গঢ়া পৃথিৱীখনত
শেষত নাথাকে ঐশ্বৰ্য, বিজয়ৰ গান,
থাকে মাথোঁ সততা আৰু মানৱতাৰ জয়গান।