জীৱন
মিন্টু গোৱলা, লখিমপুৰ
জীৱন এক অভিনয়
জীয়াই আছোঁ বাবেই
কৰিছোঁ কত অভিনয়
দুখ- সুখ ,হাঁহি- কান্দোন
লৈ জীয়াই আছোঁ ।
মানৱ নামৰ দেহা লৈ
কৰোঁ জীৱনৰ অভিনয়
দেহাত থকা উশাহ কণেই
কত যে অভিনয় কৰোঁৱাই।
জীৱন নামৰ সাগৰ খন
দেহা নামে নাওঁখন
দুখ-সুখ,হাঁহি-কান্দোন
নাওঁৰ বঠাখন
কত যে বাব লাগে ।