জীৱন
পাৰ্শ্ব জ্যোতি ভাগৱতী
কেতিয়াবা ভাৱো এই জীৱনৰ অৰ্থ কি? তেতিয়া নিজৰ মাজতে উত্তৰ পাওঁ যে জীৱন এক সু-মধুৰ যাত্ৰা। এই যাত্ৰা বিভিন্নজন ব্যক্তি লগ পাও – কিছু ব্যক্তি সহজ-সৰল, আন কিছু ব্যক্তি আকৌ চকু-চৰহা,কিছু আৰু পলায়নবাদী মনোভাৱৰ, আৰু কিছু লোক উদাৰ মনোভাৱৰ, কিছু সমাজ প্ৰেমী, আৰু কিছু লোক প্ৰকৃতি প্ৰেমীৰ, আৰু কিছু লোক অসহায় জনৰ ওচৰত সহায়ৰ হিচাপে । জীৱনৰ অৰ্থ সেইজন ব্যক্তিক সুধিবা যিজনে যি জনে জীৱন যাত্ৰাত বিভিন্ন ধৰণৰ সুখ -দুখ, ঘাত -প্ৰতিঘাতৰ সম্মুখীন হৈছে ….…..
খণ্ড ১
সময়
” সময় এক গতিশীল
সময়ে আমাক দিয়ে শিক্ষা
সময় লগত ভাৰসাম্য ৰাখি
কৰ্ম কৰি গলেহে
আমি পাম এক সুফল…..”
জীৱন হৈছে সুখ – দুখ , হাঁহি -কান্দোনৰ সমষ্টি। পৰাজয় মানি লোৱাটো জীৱন নহয় । যুঁজি থকাৰ নামেই জীৱন । জীৱনৰ কিছু পল বিপদ/অসফল হ’লে আমি এক সৱল মনোভাৱ লৈ নিজৰ কৰ্মত মগণ হৈ যাব লাগে যাতে কোনো ঋণাত্মক ধাৰণাই বেয়া প্ৰভাৱ পেলাব নোৱাৰে । জীৱনৰ প্ৰথম সূত্ৰ হৈছে ” কৰ্ম হৈছে আমাৰ প্ৰথম ধৰ্ম”। কৰ্মৰ দ্বাৰা আমি সফল – বিফল দুয়োটাই অভিজ্ঞতা পাও আৰু কৰ্ম কৰিলে আমি যি এই ফল নাপাওঁ কিয় এক নতুন অভিজ্ঞতা অৰ্জন কৰিবলৈ পাও….
জীৱন জিন্দাবাদ
খণ্ড ২
আমাৰ জীৱনৰ প্ৰত্যেকটো কৰ্মৰ সফলতা-বিফলতা নিৰ্ভৰ কৰে আমাৰ কৰ্মৰ ওপৰত । আমাৰ প্ৰতিটো বিচাৰে আমাৰ ভৱিষ্যত নিৰ্ভৰ কৰে। আমাৰ শক্তিৰ কেন্দ্ৰ বৰ্তমান নিৰ্ভৰ কৰে । আমি নিজে কিছু অকল্পনীয়/বাস্তৱ জীৱনৰ লগত সংহতি নথকা কথা ভাবি আমি আত্মঘৃণা/অপৰাধবোধত ভূগো । খং উঠাৰ সময়ৰ পিছত আমাৰ সকলোৰে শেষত এই বাক্য ই চিন্তা কৰো – ” মই যথেষ্ট ভাল নহয়। “
ই এক আমাৰ বিচাৰ আৰু বিচাৰক আমি সলনি কৰিব পাৰো । খং/ক্ৰোধ, দুঃচিন্তা ৰ পৰা মুক্ত হ’লে আমি সকলোধৰণৰ সমস্যা/ৰোগৰ পৰা বহু ক্ষেত্ৰত সংকাহ পাব পাৰো । আমাৰ অতীতত হৈ যোৱা বেয়া , বিফলতা , দুখ , ঋণাত্মক ঘটনা , কোনো ব্যক্তিয়ে দিয়া অকৰ্থনীয় কথা , দুশ্চিন্তা আদি সকলো পাহৰি এক ধনাত্মক মনোভাৱ আৰু অন্তৰত এক উৎফুল্লিত মনোভাৱ লৈ কৰ্মত ব্ৰতী হ’ব লাগে । আমাৰ সু-চিন্তা, প্ৰেম/উদাৰশীল মনোভাৱে এজন সফল ব্যক্তি, এজন সু-নাগৰিক হিচাপে নিজকে সমাজত প্ৰতিষ্ঠা কৰিব পাৰো । বৰ্তমান সময়ত নিজকে গ্ৰহণ কৰিলেহে আমি ইতিবাচক পৰিৱৰ্তন আনিব পাৰো । যেতিয়া আমি নিজকে সঁচাকৈয়ে ভাল পাবলৈ আৰম্ভ কৰো তেতিয়া জীৱনত সঠিককৈ চলিবলৈ লয়….
খণ্ড ৩
মৃত্যু য়ে সকলো সমস্যাৰ সমাধান নহয়। জীৱনৰ যিসকল ব্যক্তিয়ে আপোন বেয়া /বিপদৰ সময়ত আপোনাক ঋণাত্মক মন্তব্য দিছে আপুনি তেওঁ লোকৰ পৰা আতৰি আহওক …
এই সমাজত আপোনাক কিছু লোকে আপোনাক ঋণাত্মক/ইতিকিং কৰিব , কিছু লোকে ধনাত্মক/উৎসাহ জনাব , আৰু কিছু লোকে দৰ্শক হিচাপে চাব , আৰু কিছু লোকে আপোনাক গুৰুত্বই নিদিব …এই জীৱন
আমি ইয়াত হতাশ হৈ লাভ নাই …ই এক নিয়তিৰ নিয়ম …
অন্তিম খণ্ড
“এক সহজ-সৰল ,উদাৰ মনোভাৱ আৰু মনত কোনো কপটতা নোহোৱাকৈ কৰ্ম কৰিলে সেই কৰ্মৰ আনন্দ ই সুকীয়া ” যদি আপুনি সঠিক তেন্তে একো প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব মাত্ৰ সঠিক হৈ থাকক সময়ে নিজেই সাক্ষ্য দিব। সকলোৰে দুৰ্বলতা আছে কিন্তু নিজৰ শক্তিত বিশ্বাস নকৰা সকলহে দুর্বল। সকলোৰে বাধ্যবাধকতা আছে কিন্তু নিজৰ মূল্য উপলব্ধি নকৰা সকলহে অসহায়।
আমাক এই “স্বপ্নযাত্ৰা”ত সকলোৱে নিস্বাৰ্থ ভাৱে আৰু এক সৎ মনোভাৱেৰে আগুৱাই যোৱাত সহায় কৰে ..
