জীৱন-পাহাৰী শইকীয়া

জীৱন

হয় জানো জীৱন কোনো খেল ?
জীৱন মানেই যেন,
এক অনন্য উপলব্ধি
বিধাতাৰ এক অলিখিত মায়া।
আগবাঢ়ো জীৱনৰ বাটত
সময়ৰ খোঁজত…
প্ৰাপ্তিৰ হাঁহিৰে আৰু কেতিয়াবা ,
হয়তো হৃদয় শুকোৱা উচুপনিৰে ।
তথাপিও জীৱন জীৱনেই!
জীৱনৰ যন্ত্ৰণা আৰু ,
জীৱনৰ সম্ভাৱনা
সামৰি ৰাখিব পৰাকৈ,
জীৱন যে বৰ উদাৰ
জীৱন যে সময়ৰ এক
অমূল্য দান,
এক জীয়া বাসনা।

পাহাৰী শইকীয়া
যোৰহাট