জীৱন নীৰৱতাৰো সুৰ আছে – নীলমণি গগৈ

Pc pexels-ferdous-15380515

জীৱন নীৰৱতাৰো সুৰ আছে

নীলমণি গগৈ

সময় হ’লে
সমীৰে কঢ়িয়াই
সজীৱ নীৰৱতাৰ
সপ্তসুৰৰ তান
ভানুৰ দৰেই গায়
নীৰৱতাৰ গান
পাৰ্থক্য এয়ে যে
ভানুৰ নীৰৱতাৰ
গানৰ শেষ নাই
নিৰবধি গায় গান
ৰাখি সৌৰজগত
সত্যতাৰ মান
সমীৰে অনা নিৰৱ গানে
জীৱনক কৰে
নিৰৱে অৱসান
নীৰৱতাই হয় প্ৰেম
অজানিতে নিৰৱে
নিৰলে ঝংকাৰিত
জীৱন বিণা যেন
ঘাতে জীৱন নাটৰো
কৈলাণ-খৰমান ।