জীৱন নামৰ তৰোৱাল
ছেলিমা বেগম ,নগাঁও
জন্ম লৈছিলোঁ বিধাতাৰ সৃষ্টিত,
মৃত্যু হ’ব সময়’ৰ অপেক্ষা’ত,
কিন্তু মৃত্যুৰ পিছত মানুহৰ
মনত থাকিব লাগিব নিজৰ
সৎ আচৰণ খিনি!
জীৱন নামৰ তৰোৱাল খন
সদাই চিকমিকনি কৰি ৰাখিলে
জীৱন জিন্দাবাদ।
ভুল খিনি বিচাৰি যুদ্ধ খন ,
চলাই লৈ যাব লাগিব ,
তৰোৱালেৰে ভুল খিনি
কাটি পেলায় শুদ্ধ খিনি বিচাৰি
যুদ্ধ খন চলাই লৈ যাব লাগিব।
মানুহৰ মৃত্যু অনিবাৰ্য আমি ,
মৃত্যুত ভয় নকৰি জীৱনৰ ওপৰত
বিশ্বাস ৰাখি নিজৰ
প্ৰচেষ্টা অব্যাহত ৰাখি
জীৱনৰ লগত যুদ্ধ খন
চলাই লৈ যাব পাৰিলে
মৃত্যুক জয় কৰিব পাৰিম ।
মৃত্যুৰ পিছত দেহাটো ধৰ্মীয়
ৰীতি-নীতিত সংস্কাৰ কৰা হ’ব
কিন্তু লগতে একো লৈ যাব পাৰিম জানো!
থৈ যাব লাগিব নিজৰ সৎ আচৰণ
আৰু গুণ গৰিমা খিনি
সেই আচৰণ খিনি যদি
চিকচিকিয়া কৰি থৈ যাব পাৰি
তেনে হ’লে তাত মামৰে
ধৰি নষ্ট কৰিব নোৱাৰে।
জীৱন নামৰ তৰোৱাল খন
কেতিয়াও মামৰে নধৰে যেন!
