জীৱন ধাৰা
বাহাৰুল ইছলাম (শিক্ষক)
লভিলোঁ জনম এই ধৰাধামৰ বুকুত
জীৱশ্ৰেষ্ঠ মনুষ্য ৰূপে,
খোজ শিকাৰ পৰত মেলিলে পোখা
আশাৰ থৈলা থোপা-থোপে।
নিয়মানুবর্তিতাৰ সুদক্ষ পৰিচালনাত
শিকিলো জীৱনৰ আদিপাঠ,
একাবেকা নৈখনি সাঁতুৰি পাৰ হওতে
পাইছোঁ বিবিধ ঘাট।
অভিনেতা হৈ কৰিলোঁ কত অভিনয়
সমল বিভিন্ন পালো,
সুখ-দুখ, ক্ষুধা-ভোগ জীৱনৰ ছদ্মনাম
গায়কহৈ অনেক গীত গালোঁ।
কেতিয়াবা চকুলো টুকি নোপোৱা হৈছোঁ
সৰস এমোকোৰা হাঁহি,
নাপালোঁ সফলতা, জুমি নাচালোঁ বিফলতা
অসংলগ্ন জীৱনৰ বাঁহী।
ৰমক-জমক বতৰে মচি দিয়ে শোকাশ্ৰু
অংকুৰিত হয় আশা,
নিনাদিত ক্ষণ লাভৰ কত যে বাসনা
নুবুজোঁ জগতৰ ভাষা।