জীৱন জীনাৰ গান-  অৰূপা নাথ

Pc The Conversation

জীৱন জীনাৰ গান

সময় আৰু অভিজ্ঞতাৰ

কষটি শিলত গঢ়া জীৱন ৷

ধুমুহাই তচনছ কৰিব নোৱাৰে।

প্ৰতাৰণাতো বিচলিত নহয়।

জীৱনক ভালপোৱা জনে

প্ৰত্যাহ্বান নেওচি

ঘোষনা কৰে নিজৰ অস্তিত্ব ।

সেয়ে বন্ধু,

তোমাৰ হৃদয়ত বাজি ৰওক

জীৱন জিনাৰ সুৰ

হতাশ নহবা,

ধুমুহাৰ ৰাতি শালগছ জোপালৈ চোৱা ।

জীৱনৰ অৰ্থ কি

বৃদ্ধ চাণ্টিয়াগক সোধা ।

হাৰিছো বুলি ভাবিলে

বিশ্বাসৰ হাতখন খামুচি ধৰিবা ।

আকৌ এবাৰ কবা,

জীৱন জীৱন বৰ অনুপম

বন্ধু,প্ৰৱল ইচ্ছাশক্তিৰে গাবা জীৱন জিনাৰ গান।

 অৰূপা নাথ,
গোলাঘাট