জীৱন জিনাৰ গান
(২০০৮ বৰ্ষৰ ত্ৰিশ অক্টোবৰত সংঘটিত
বৰ্বৰ ঘটনাৰ বিৰুদ্ধে এক কণ্ঠ)
মানসী মিশ্ৰ
কি দিলি
পালি নো কি ?
নিৰীহৰ তেজেৰে খেলিলি ফাকুঁ
জাতিক তেজেৰে তুমুৰলি কৰাৰ
এয়া নে পণ
নে অনাগত সকলক সন্ত্ৰাস বাদৰ
অ আ ক খ শিকেৱাৰ নতুন এয়া গান
মাজ নিশাৰ সৌ আঁহত জোপাৰ তলত
শুনা সেই চিনাকী কৰুণ সুৰ……
মা, দেউতা, দাদা, বৌ……
এই কান্দোনবোৰে নকঁপায় নে বুকু
বুজিব জানো পাৰিবি তহঁতে
হৃদয় বীণাৰ তান…..
বুজিলি জানোঁ মাকৰ বুকুত
এতিয়াও সাৰে থকা
পোনাকণহঁতৰ হাঁহাকাৰ।