জীৱন জাতিংগাত ভোকৰ বিলাপ
অলকা বুজৰ বৰুৱা, নলবাৰী
প্ৰতিটো ৰাতিৰ পিৰালিত
সৰাপাতৰ উচুপনি
সাধু এটাৰ ৰাজহাড়ত
খোপনি পোতে
মৰঙে খোৱা মানুহৰ বিননি ।
এশ এটা কুকুৰাৰ ডাকত
চম্পাবতী পূৱতি নিশা
পথাৰ এৰি ঘৰলৈ আহে
দুচকু জলক তবক
টোপনিৰ ভৰত
জোনটোকে বেলিটো বুলি
ভ্ৰমত ভোগে ।
জীৱন জাতিংগাত
ভোকৰ বিলাপ
কলপাতত কুমজেলুকাই আঁকে
নিদ্ৰাহীন ৰাতিৰ ছবি ।
ডাঁৰ ওলমে শীতৰ গধূলি
শীতাৰ্ত আঙুলিৰ ফাঁকেৰে সৰকে
শৰীৰৰ শেষ উষ্ণতা ।