জীৱন কোনো খেল নহয় – লখিমী শৰ্মা

PC - Adobe Stock
জীৱন কোনো খেল নহয় 
লখিমী শৰ্মা, যোৰহাট 
মোৰ জীৱন আজি আধৰুৱা কবিতা
তুমি জানা  ?
তুমিবিহীন এতিয়া প্ৰতিটো ক্ষণ ,
অনুভৱ বোৰে বাৰুকৈয়ে ৰিঙিয়াই
দুচকুত ধাৰাসাৰে অশ্ৰু নিগৰাই
নাপাওঁ বিচাৰি আজি মই এটিও শব্দ
পূৰাবলৈ মোৰ জীৱনৰ ,
আধৰুৱা কবিতাটি ।
মনত আছে অলেখ কল্পনা
দুচকুত অযুত সপোন
জিনি ৰম জগত
দুয়ো দুহাত ধৰি ,
কেৱল অপেক্ষা
মাথোঁ তোমাৰ  ।
সময়ে মানুহক সলনি নকৰে
আচলতে সময়ত মানুহৰ আচল
চৰিত্ৰটো ওলাই পৰে ,
অপেক্ষা এটা সৰু শব্দ
যাৰ সৈতে জড়িত হৈ থাকে
কিছুমান মানুহৰ বহুত
মূল্যৱান অনুভূতি
আৰু কষ্টদায়ক মুহূৰ্ত  ।
সেয়েহে  আজি  দুখমনে
প্ৰকাশ কৰিব খোজো ,
জীৱনে দি যোৱা
এটি এটি শিক্ষা ,
সহজভাৱে ল’বলৈয়ো যেন
মই এতিয়া নিৰুপায়
যেন এতিয়া  ।